ধেমাজি , 13 ডিচেম্বৰ : ধেমাজি জিলাত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ ধেমাজি জিলা প্ৰশাসনে শুকুৰবাৰৰ সন্ধিয়া 8 বজাৰ পৰা শনিবাৰৰ পুৱা 6 বজালৈ জাৰি কৰিছে সান্ধ্য আইন ৷ এই সময়খিনিত আইনৰ আওতাত নপৰিব কৰ্তব্যৰত আৰক্ষী, সামৰিক লোক, দণ্ডাধীশ আৰু জৰুৰীকালীন চিকিৎসা সেৱা ৷ ইপিনে সমগ্ৰ জিলাখনত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীয়ে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তৰ বাসগৃহ ঘেৰাও কৰি তেওঁৰ মুখেৰে জয় আই অসম ধ্বনি দিবলৈ বাধ্য কৰোৱাৰ লগতে নগৰ সমিতিৰ অন্তৰ্গত আটাইকেইজন সদস্যৰ বাসগৃহ ঘেৰাও কৰি সমদলত অংশ লবলৈ বাধ্য কৰায় ৷
ধেমাজিত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ - protest going on against CAB at dhemaji
ধেমাজি জিলা প্ৰশাসনে শুকুৰবাৰৰ সন্ধিয়া 8 বজাৰ পৰা শণিবাৰৰ পুৱা 6 বজালৈ জাৰি কৰিছে সান্ধ্য আইন ৷ ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷
![ধেমাজিত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ DHEMAJI PROTEST GOING ON](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5363761-thumbnail-3x2-nkjnk.jpg)
ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷
আনহাতে, জিলাখনৰ শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতি গংগাধৰৰ বাসগৃহও ঘেৰাও কৰি লোকজনক ঘৰৰ পৰা উলিয়াই আনে আছুৰ কায়ালয়লৈ ৷ একেদৰে অগপৰ জিলা সভাপতি লক্ষীধৰ শেনছোৱা বাসগৃহলৈ কণী আৰু শিল নিক্ষেপ কৰাৰ লগতে RSS কাৰ্যালয় ঘেৰাও কৰে ৷
ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷
আৰু পঢ়ক :থলুৱা লোকসকলৰ বাবে ‘কেব’ ভয়ংকৰ বিপদঃ বাইছুং ভুটিয়া