জোনাই, ২২ নৱেম্বৰ:ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কেমিজেলৰ চিলে নদীত পকী দলং নিৰ্মাণৰ দাবীত আজি কেমি ঐৰামঘাট, জেলম গাঁৱৰ ৰাইজ আৰু কণ কণ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেমি ঐৰামঘাট-পুৰণাজেলম সংযোগী পথত থকা চিলে নদীত স্বাধীনোত্তৰ কালৰে পৰা বছৰ ধৰি শ শ শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজে বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে । উক্ত পথচোৱাত এখন পকী দলং নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷
এই নদীখনত দলং নথকা বাবে অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নদীখনৰ সিপাৰে থকা অঞ্চলটোৰ একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খনলৈ কেমি-জেলমৰ মাজেদি অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নদীখন বিপদসংকুলভাৱে যায় । পিছে বাৰিষাত পাৰাপাৰৰ নাই কোনো বিকল্প পথ । ফলত নদীখনক পাৰ কৰি বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰ-ছাত্ৰীৰ মাজত বহুবাৰ ঘটিছে অঘটনো ।
উল্লেখ্য যে এইখন চিলে নদীৰ ওপৰত এখন দলং নথকাত জোনাইৰ কেমি, ঐৰামঘাট, জামপানী আদিৰ ৰাইজে অৰুণাচলৰ অয়ান চাৰিআলি হৈ দৈনিক বিভিন্ন কাম-কাজত যোগাযোগ অব্যাহত ৰাখিছে জোনাই সদৰৰ সৈতে । ইফালে, সীমান্তৰ কেইবাখনো গাঁৱৰ ৰাইজে চিলে নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাৰণে বহু বছৰৰ পৰাই বিধায়ক, সাংসদ পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে । উক্ত সমস্যাৰ সন্দৰ্ভত সংবাদমাধ্যমতো বহু বাৰ প্ৰচাৰ হৈছে ৷ ইমানৰ পিছতো আজি পর্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াত বুধবাৰে সীমান্ত থকা কেমি,ঐৰামঘাট আদি অঞ্চলটোৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ জনায় ।