জোনাই, ১২ নৱেম্বৰ :শনিবাৰে জোনাইত টি এম পি কে (TMPK), এম এম কে (MMK), টি এম এম কে (TMMK) জোনাই জিলা সমিতিৰ উদ্যোগত কালিং ময়ঙৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীৰে বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Protest for arrest Kaling Moyong murderer in Jonai) ৷
সংগঠনকেইটাৰ শতাধিক কৰ্মীৰ উপস্থিতিত জোনাই মিচিং কৃষ্টি ভৱনৰ ৰাংকপ হৈ পদযাত্ৰা কৰি হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, কলিং ময়ঙক ন্যায় দিয়ক আদি দাবী সম্বলিত শ্লোগান লিখা প্লে'-কাৰ্ড লৈ জোনাই আৰক্ষী থানা আৰু জোনাই মহকুমাধিপতি কাৰ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে (TMPK protest at Jonai) ৷
উল্লেখযোগ্য যে যোৱা ৭ তাৰিখে সন্ধিয়া বন্ধুৰ সৈতে ৰাস চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন ৷ কিন্তু ৰাস চাবলৈ যোৱা কালিং ময়ং আৰু ঘৰলৈ উভতি নাহিল (Jonai murder case) ৷ কোনো ঘাতকে নৃশংসভাৱে হত্যা কৰি জোনাইৰ উদয়পুৰ গাঁৱৰ ৰাস্তাত পেলাই থৈ যায় কালিঙক । উল্লেখ্য, যোৱা ৮ নৱেম্বৰত জোনাইৰ জোনবৰ গাঁৱৰ কালিং ময়ঙে ৰাস চাবলৈ গৈ তাৰ পৰা বন্ধুৰ সৈতে প্ৰেয়সীক লগ কৰিবলৈ গৈছিল ।