ধেমাজি, 3 ডিচেম্বৰ :দেশত প্ৰণয়ন কৰা কৃষি বিল বাতিল কৰা, কৃষি ভূমি পুঁজিপতিক গটাই দিয়াৰ চক্ৰান্ত বন্ধ কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি সদৰত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
ধেমাজিত কৃষক মুক্তিৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট - ধেমাজিত কৃষক মুক্তিৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট
ধেমাজিত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
ধেমাজিত কৃষক মুক্তিৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট
ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱনে হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি যুগল গগৈয়ে চৰকাৰৰ এনে কৃষক বিৰোধী নীতিক তীব্ৰ সমালোচনা কৰে ৷
লগতে পঢ়ক :সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ