অসম

assam

ETV Bharat / state

ধেমাজিত সাপ্তাহিক বজাৰত প্ৰতিবাদ

ধেমাজি সাপ্তাহিক বজাৰত আৱৰ্জনা পেলোৱাক লৈ নগৰ সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ ধেমাজি নগৰ সমিতিৰ সভানেত্ৰীৰ আৰু ৱাৰ্ড সদস্যৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

ধেমাজি
ধেমাজিত সাপ্তাহিক বজাৰত প্ৰতিবাদ

By

Published : Feb 29, 2020, 3:41 PM IST

ধেমাজি, ২৯ ফ্ৰেব্ৰুৱাৰীঃ আৱৰ্জনা পেলোৱাক লৈ শনিবাৰে ধেমাজি সদৰৰ সাপ্তাহিক বজাৰ স্থানতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে৷ দাহ কৰিলে ধেমাজি নগৰ সমিতিৰ সভানেত্ৰীৰ আৰু ৱাৰ্ড সদস্যৰ প্ৰতিকৃতি ৷ জাবৰ আতৰাই নিবলৈ বান্ধি দিলে ১৫ দিনৰ সময়সীমা ৷ নগৰ সমিতি আৰু ধেমাজি প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

ধেমাজিত সাপ্তাহিক বজাৰত প্ৰতিবাদ

উল্লেখ্য যে,দীৰ্ঘদিনধৰি ধেমাজি নগৰৰ সমিতিৰ অধীনৰ সকলো স্থানৰ পেলনীয়া জাবৰ-জোথৰ পেলাই পুতিগন্ধময় কৰি তুলিছে সদৰৰ একমাত্ৰ সাপ্তাহিক বজাৰখন ৷ ফলত বজাৰৰ অস্বাস্থ্যকৰ পৰিৱেশে নগৰবাসীৰ স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ এই বিষয়ে স্থানীয় ৰাইজ আৰু দল সংগঠনে বহুবাৰ সংশ্লিষ্ট বিভাগক জনাই আহিছে যদিও আজিকোপতি ধেমাজি জিলা প্ৰশাসন তথা নগৰ সমিতিয়ে জাবৰসমূহ নিষ্কাষনৰ ব্যৱস্থা কৰা নাই ৷ বৰঞ্চ ডাম্পিং জ'নৰ দৰে ব্যৱহাৰ কৰি আহিছে সপ্তাহত দুটা দিনত বহা সদৰৰ একমাত্ৰ সাপ্তাহিক বজাৰখন ৷

ইপিনে প্ৰতিবাদৰ জৰিয়তে এই জাবৰসমূহ অন্য ঠাইলৈ স্থান্তাৰিত কৰিবলৈ ১৫ দিনৰ সময় সীমা বান্ধি দিয়ে ৷ অন্যথা সংগঠনটোৱে ১৬ দিনৰ দিনা ধেমাজি জিলা বন্ধ ঘোষণা কৰিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

আৰু পঢ়কঃ অখিল গগৈৰ স্বাস্থ্য়ৰ অৱনতি

ABOUT THE AUTHOR

...view details