জোনাই, 1 জুলাই :চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল হ’ল ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয় প্ৰাংগন ৷ কোনো দল সংগঠন বা বিৰোধী ৰাজনৈতিক দলে নহয়, বিদ্যালয় একত্ৰিতকৰণৰ বিৰুদ্ধে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে দিলে চৰকাৰ বিৰোধী শ্ল’গান । বিদ্যালয় একত্ৰিতকৰণ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ জোনাইৰ ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, ধেমাজি জিলাৰ জোনাইৰ অতি পিচপৰা অঞ্চলৰ লুহিজান গাঁৱকে ধৰি প্ৰায় 25 খন গাঁৱৰ একমাত্ৰ উচ্চ শিক্ষানুস্থান হিচাপে পৰিচিত ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়খনক প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰিবলৈ লোৱা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰ্জি উঠিল বিদ্যালয়খনৰ শিক্ষাৰ্থীকে ধৰি অভিভাৱকসকল ৷ প্ৰয়োজনৰ স্কুলীয়া জীৱন ত্যাগ কৰিব তথাপি বিদ্যালয় উঠি যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে ।