জোনাই, ১ ছেপ্টেম্বৰ :বিদ্যালয়একত্ৰীকৰণক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে বুধবাৰে অসম চৰকাৰৰ বিৰুদ্ধে জোনাই প্ৰতিবাদত বহিল শতাধিক ৰাইজ ৷ অসম চৰকাৰে লোৱা বিদ্যালয় একত্ৰীকৰণৰ (Assam govt decides to School amalgamation) বিৰোধিতাৰে জোনাইত প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক শিক্ষাৰ্থী, অভিভাৱক, স্থানীয় ৰাইজৰ লগতে বহু দল-সংগঠনে (Protest against School amalgamation at Jonai) ৷
জানিব পৰা মতে, ৰাজ্য চৰকাৰে জোনাইৰ ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিবলৈ লৈছে ৷ চৰকাৰে লোৱা এই সিদ্ধান্তৰ ফলত বিমোৰত পৰিছে বহু শিক্ষাৰ্থী ৷ কিয়নো ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়খনলৈ বহু দূৰ-দূৰণিৰ পৰা শিক্ষাৰ্থী আহে ৷