ধেমাজি,১৭ জানুৱাৰীঃ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে শতাধিক মহিলাই মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লে কাৰ্ড লৈ মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷
আনহাতে,মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে সংগঠনটোৰ অভিযোগ,মাইক্ৰ'ফাইনেন্সসমূহে গ্ৰামাঞ্চলৰ মহিলাসকলক সহজে ঋণ দি সুদৰ হাৰ অত্যাধিক বৃদ্ধি কৰাৰ ফলত কিস্তিৰ ধন পৰিশোধ কৰিব নোৱাৰি সম্প্ৰতি মাটি ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হ'বলগীয়া হৈছে ৷ আনকি এই বিত্তীয় প্ৰতিষ্ঠানসমূহে হেচা প্ৰয়োগ কৰি মহিলাসকলক পণবন্দী কৰি মানসিক অত্যাচাৰ কৰি অহা বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ সংগঠনটোৱে উল্লেখ কৰা অনুসৰি,ধেমাজি জিলাখনত ক্ৰমে বন্ধন,আৰ জি ভি এন,এক্সিচ,অন্নপূৰ্ণা,চেটিং,নিধি,আৰোহণ, চমৎকাৰ,এল এন টিকে ধৰি বহুকেইটা এনে বিত্তীয় প্ৰতিষ্ঠানে ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম নামানি নিজৰ খেয়াল খুচি অনুসৰি কাবুলীৱালা সদৃশ অধিক সুদৰ হাৰত ধন আদায় লৈ আহিছে ৷