অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত কেব বিৰোধী প্ৰতিবাদ - dhemaji moran sonapur khowang

কেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন হোৱাৰ লগে লগে কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য ৷ সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

কেন্দ্ৰীয় কেবিনেটত অনুমোদনৰ লগে লগে কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য
ৰাজ্যজুৰি অব্যাহত কেব বিৰোধী প্ৰতিবাদ

By

Published : Dec 5, 2019, 10:56 PM IST

নিউজ ডেস্ক,5 ডিচেম্বৰঃকেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন হোৱাৰ লগে লগে কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য ৷ সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহস্পতিবাৰে ধেমাজিত আছুৰ আঞ্চলিক সমিতিসমূহে ১৫ নং ঘাইপথৰ সমীপত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কেবৰ বিৰোধিতা কৰে ৷

ইফালে সোণাপুৰতো ডিমৰীয়া আঞ্চলিক ছাত্র সন্থাই বাইক ৰেলীৰে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে। প্রায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই ৰেলীত অংশগ্ৰহণ কৰে। সোণাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা ৰেলী ক্ষেত্ৰীৰ টপাতলিত সামৰণি মাৰে ৷ বাইক ৰেলীতোত অংশ লোৱা আছু নেতা দিব্যজ্যোতি মেধিয়ে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে চৰকাৰে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ'ব ৷

সোণাপুৰতো ডিমৰীয়া আঞ্চলিক ছাত্র সন্থাই বাইক ৰেলীৰে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে

সমান্তৰালকৈ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে মৰাণ নগৰ পুলিচ পইণ্টৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে ৷ অঞ্চলটোৰ তিনি শতাধিক জনসাধাৰণে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তুলসী দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত চাংমা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ শইকীয়া, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন,চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা আদিয়ে বিধেয়কখনৰ বিৰোধিতাৰে বক্তৃতা প্ৰদান কৰে।

ৰাজ্যজুৰি অব্যাহত কেব বিৰোধী প্ৰতিবাদ

আনহাতে, খোৱাঙত আছুকৰ্মীৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সদস্যই কেবৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীত খোৱাঙৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সদস্যই অংশগ্ৰহণ কৰে । খোৱাং আছুৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁ‌ৱৰে দিল্লীৰ চৰকাৰৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিৰ স্বাৰ্থত থিয় দিবলৈ দাবী জনায় ৷ আনহাতে, সাংগঠনিক সম্পাদক নিৰ্মল শইকীয়া উপস্থিত থাকি সকলোকে কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ।

লগতে চাওকঃ9 ডিচেম্বৰত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ অসম বন্ধৰ ঘোষণা

ABOUT THE AUTHOR

...view details