ধেমাজি, ৩০ ডিচেম্বৰঃ ৰাজ্যৰ চৌদিশে অব্যাহত আছে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ধেমাজিত এই আইন বাতিলৰ দাবীত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান ৷ সোমবাৰে ধেমাজি কাছাৰী ময়দানত দুৰ্নীতি বিৰোধী যুৱশক্তি অসম তথা স্থানীয় ৰাইজৰ উদ্যোগত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে ৷
ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান
নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি মধ্যাহ্ন ভোজন ৰান্ধনীসন্থা তথা সহায়িকাসকলেও অংশগ্ৰহণ কৰে ৷
ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান
দিনৰ ১১ বজাৰ পৰা ১ বজালৈ সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি মধ্যাহ্ন ভোজন ৰান্ধনীসন্থা তথা সহায়িকাসকলেও অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ গৰিহনা দিয়ে ৷
আৰু পঢ়কঃ CAAৰ বাবে বৰ্ষৰ অন্তিমটো দিনক ক'লা দিন ঘোষণা বাসৱ কলিতাৰ