অসম

assam

By

Published : Jan 2, 2021, 2:41 PM IST

Updated : Jan 2, 2021, 9:58 PM IST

ETV Bharat / state

আৱৰ্জনাৰ বিপৰীতে সম্পদ হৈ পৰিছে পানী মেটেকা

ধেমাজিৰ বানাক্ৰান্ত অঞ্চলত পানী মেটেকাই মোকোলাইছে উপাৰ্জনৰ পথ ৷ গঢ়ি তুুলিছে কৰ্ম সংস্কৃতি ৷ মেটেকাৰ পৰা তৈয়াৰ কৰা হৈছে বেগ, ম’বাইল কভাৰ, ডাইনিং কভাৰ আদিৰ লগতে ঘৰসজ্জাৰ সা-সামগ্ৰী ৷

production from water hyacinth story in dhemaji assam etv bharat news
সম্পদ হৈ পৰিছে পানী মেটেকা

ধেমাজি,2 জানুৱাৰী:ধেমাজিৰ নৰোৱাথান হেণ্ডিক্ৰাফট কোপ ইণ্ড্ৰাষ্টিয়েল ছ’চাইটিৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন ৷ ক্ষুদ্ৰ উদ্যোগটোৰ সৈতে জড়িত কেইগৰাকীমান মহিলাই মহিলাই আৱৰ্জনা হিচাপে এলাগী হৈ পৰা পানী মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি মুকলি কৰিছে জীৱিকা নিৰ্বাহৰ পথ ৷ খাল, বিল আদিত সহজে উপলব্ধ মেটেকা মহিলাকেইগৰাকীৰ বাবে হৈ পৰিছে আশীৰ্বাদ সদৃশ ৷

আৱৰ্জনাৰ বিপৰীতে সম্পদ হৈ পৰিছে পানী মেটেকা

জীয়াঢলৰ বানত বিধ্বস্ত পশ্চিম ধেমাজিৰ নৰোৱাথানৰ প্ৰায় 50 গৰাকী মহিলা একত্ৰিত হৈ এই জলজ উদ্ভিদবিধক ৰূপান্তৰিত কৰিছে সম্পদলৈ ৷ 2018 চনত নেডফিৰ পৰা গ্ৰহণ কৰা প্ৰশিক্ষণৰ অন্তত মেটেকা উদ্যোগৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে মহিলাকেইগৰাকী ৷ মহিলাসকলে মেটেকাৰ পৰা তৈয়াৰ কৰে বেগ, ম’বাইল কভাৰ, ডাইনিং কভাৰ আদিৰ লগতে ঘৰসজ্জাৰ সা-সামগ্ৰী ৷

কেঁচামাল হিচাপে সংগ্ৰহ কৰা মেটেকাসমূহ ৰ’দত শুকাই প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ সামগ্ৰী ৷ এই সামগ্ৰীসমূহ বিক্ৰী হৈ আহিছে ধেমাজি, ঢকুৱাখানা, গুৱাহাটী, ডিব্ৰুগড়ৰ উপৰিও ভাৰতৰ ভিন্ন ৰাজ্যত ৷ এই সামগ্ৰী বিক্ৰীৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই লাভ কৰে মাহেকত 4000-6000 পৰ্যন্ত টকা ৷ বানাক্ৰান্ত অঞ্চলটোৰ মহিলাসকলে এনেধৰণে কৰ্ম-সংস্কৃতি গঢ়ি তুলি মোকোলাইছে উপাৰ্জনৰ পথ ৷ লগতে আন দহজনকো উৎসাহিত কৰিছে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত ৷

লগতে চাওকঃজুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

Last Updated : Jan 2, 2021, 9:58 PM IST

ABOUT THE AUTHOR

...view details