ধেমাজি,22 ফ্ৰেব্ৰুৱাৰী :অহা ২২ ফেব্ৰুৱাৰীত চিলাপথাৰ পিয়াঙলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বগীবিল দলঙৰ সমীপত আয়োজিত এই বিশাল সমাবেশৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷
ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল বিশাল মণ্ডপ, মসৃন উপপথ, দুখনকৈ হেলিপেডৰ লগতে পাচ লক্ষাধিক ৰাইজ একেলগে বহিব পৰাকৈ বিশাল আসনৰে মুকলি মঞ্চৰ সু ব্যৱস্থা ৷ এই মণ্ডপৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰীজনে জনতাৰ প্ৰতি সম্বোধন কৰিব ৷ বিশাল জনসভালৈ জোনাই -ধেমাজিৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ একত্ৰিত কৰিবলৈ আঠখনকৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে পাঁচ হাজাৰোধিক সৰু-বৰ যাত্ৰীবাহী বাহনৰ ব্যৱস্থা কৰিছে ৷