ধেমাজি, 22 ফেব্ৰুৱাৰী:ধেমাজি চিলাপথাৰৰ পিয়াং চাপৰি চিতলমাৰী পথাৰত বিশাল জন সমাৱেশত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ অসমীয়া ভাষাতেই ধেমাজিবাসীক সম্বোধন কৰি প্ৰায় ডেৰ লক্ষাধিক লোকৰ সন্মুখতে ৰিম'ট কন্ট্ৰল সঁজুলিৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷
উল্লেখ্য যে, এই সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, বঙাইগাঁও ৰিফাইনেৰীস্থিত ইণ্ডমেক্স ইউনিট, মধুবন, ডিব্ৰুগড়স্থিত চেকেণ্ডাৰী টেংক ফাৰ্ম, তিনিচুকীয়াস্থিত গেছ কম্পেছাৰ ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে ৷