অসম

assam

ETV Bharat / state

প্ৰাপ্য ধন বিচাৰি বগীবিল দলঙৰ ঠিকাদাৰৰ সংবাদমেল - ঠিকাদাৰ

বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত অয়োজিত এক সংবাদমেলত এই মন্তব্য ঠিকাদাৰ সকলৰ ৷

প্ৰাপ্য ধন বিচাৰি সংবাদমেল বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰা ঠিকাদাৰৰ

By

Published : Oct 24, 2019, 3:52 AM IST

Updated : Oct 24, 2019, 7:45 AM IST

ধেমাজি, ২৩ অক্টোবৰঃ বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰি আজিও ঠিকাদাৰে নাপালে নিজৰ প্ৰাপ্য ধন ৷ বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত অয়োজিত এক সংবাদমেলত এই মন্তব্য ঠিকাদাৰ সকলৰ ৷ ৰেল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ধনৰাশি ৷ উক্ত সংবাদমেলত ঠিকাদাৰ সকলৰ অভিযোগ মতে অত্যন্ত কষ্টেৰে জিলাখনৰ প্ৰায় ২৫ গৰাকী নিবনুৱা ঠিকাদাৰে প্ৰধানমন্ত্ৰীৰ আগমণ তথা প্ৰায় লক্ষাধিক মানুহৰ সমাগম হ'ব পৰা বগীবিল দলঙৰ বিশাল মুকলি অনুষ্ঠানৰ বাবে কাম কৰি সৰ্বমুঠ অনাদায়ৰ ধনৰাশি আছিল 274.96 লাখ টকা ৷ কিন্তু ইয়াৰে 29.28 লাখ টকা এটা ঠিকাদাৰ দলক আশ্চৰ্যজনকভাৱে আদায় দি দায়িত্ব সামৰে ৰে'ল কৰ্তৃপক্ষই ৷ বগীবিল দলং মুকলি হৈ যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাজত এটা মাহ বাকী থকাৰ অৱস্থাত সংশ্লিষ্ট বিভাগে প্ৰাপ্য ধন মোকোলাই নিদিলে আন্দোলনৰ পথ লবলৈ কুণ্ঠাবোধ নকৰিব বুলি মন্তব্য কৰে ঠিকাদাৰসকলে ৷ উল্লেখ্য যে যোৱা বছৰ ২৫ ডিচেম্বৰতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বহু প্ৰত্যাশিত বগীবিল দলঙখন ৷

প্ৰাপ্য ধন বিচাৰি সংবাদমেল বগীবিল দলঙৰ মুকলি অনুষ্ঠানত কাম কৰা ঠিকাদাৰৰ
Last Updated : Oct 24, 2019, 7:45 AM IST

ABOUT THE AUTHOR

...view details