ধেমাজি, 13 অক্টোবৰ :সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷ সভাত ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জেষ্ঠ্য সাংবাদিক অশ্বিনী দুৱৰা আৰু দিলিপ কুমাৰ হাজৰিকাৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷
প্ৰস্তাৱ অনুসৰি, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তৰ লগতে ধেমাজি জিলা বিজেপিৰ সকলো ধৰণৰ বা-বাতৰি বৰ্জনৰ প্ৰস্তাৱ গ্ৰহন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপৰিও ধেমাজিৰ বিধায়ক ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাকো স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ ইয়াৰ উপৰিও সভাৰ আন এক গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ মৰ্মে ধেমাজি জিলাত একাংশ ৱেব পৰ্টেলৰ স্বয়ম্ভু সাংবাদিকক নাকী লগাবৰ বাবে ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰস্তাৱ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
লগতে পঢ়ক :SI কেলেংকাৰী সন্দৰ্ভত কি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ...