জোনাই, ১৩ ছেপ্টেম্বৰ:বিজেপি ধেমাজি জিলা সভাপতি প্ৰেম দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধেমাজি জিলা প্ৰভাৰী ত্ৰিদিবজ্যোতি মৰাণ আৰু ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সভাপতি পুলক চুতীয়াৰ অনুমোদনত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পুৱ জোনাই মণ্ডলৰ সভাপতি হিচাপে ১২ ছেপ্টেম্বৰ তাৰিখে সন্তোষ বুঢ়াগোহাঁইক নিযুক্তি প্ৰদান কৰে (New president of BJP Yuva Morcha East Jonai mandal) ।
উক্ত নিযুক্তি পত্ৰত স্বাক্ষৰ কৰে ধেমাজি জিলা কমিটিৰ ভাৰতীয় জনতা যুৱ মৰ্চা সাধাৰণ সম্পাদক নৱজিৎ কোঁৱৰে ৷ ইয়াৰ পাছতেই মঙলবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা, পূৱ জোনাই মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি সন্তোষ বৰগোঁহাইয়ে জোনাইস্থিত বিজেপিৰ নিজা কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে(BJP press conference in Jonai) ।