অসম

assam

ETV Bharat / state

চেনেহৰ বিহুৱানখনো হ'ব পাৰে ব্যৱসায়ৰ সমল - গামোচা

বিশেষকৈ অসমীয়াৰ চেনেহৰ বিহুৱান গামোচা তৈয়াৰক লৈ ব্যস্ত হৈ পৰিছে শিপিনীসকল ৷ এতিয়া ঘৰে ঘৰে মাথো তাঁতশাল আৰু মাকোৰ শব্দ । এই গামোচাৰে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা চলাইছে এজন যুৱকে ৷

চেনেহৰ বিহুৱানখনো হ'ব পাৰে ব্যৱসায়ৰ সমল

By

Published : Apr 5, 2019, 10:01 PM IST

চেনেহৰ বিহুৱানখনো হ'ব পাৰে ব্যৱসায়ৰ সমল

ধেমাজি, 05 এপ্ৰিল: লোকসভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে । বিশেষকৈ অসমীয়াৰ চেনেহৰ বিহুৱান গামোচা তৈয়াৰক লৈ ব্যস্ত হৈ পৰিছে শিপিনীসকল ৷ এতিয়া ঘৰে ঘৰে মাথো তাঁতশাল আৰু মাকোৰ শব্দ । এই গামোচাৰে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা চলাইছে এজন যুৱকে ৷ ধেমাজিৰ চৌখাম গাঁৱৰ কুলেন হাতীবৰুৱা নামৰ পুৰুষ শিপিনীৰগৰাকীৰ এইবাৰ লক্ষ্য ৰঙালী বিহুত তেওঁৰ মৌচুমী বোৱা-কটা ক্ষুদ্ৰ উদ্যোগৰ পৰা ব্যৱসায় কৰিব প্ৰায় দুই হাজাৰ গামোচা ৷ কুলেন হাতীবৰুৱাৰ উদ্যোগত দিনে নিশাই দহ খন তাঁতশালত আঠ গৰাকী শিপিনীয়ে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি ৷ পকোৱা, তচ মুগা, মুগা আদি সূতাৰ পৰা তৈয়াৰ কৰা হৈছে নানা ৰঙী ফুলৰ গামোছা ৷

ABOUT THE AUTHOR

...view details