জোনাই,৭ ফেব্ৰুৱাৰী: উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ধেমাজি জিলাৰ চিমেন চাপৰি চেৰেণ পথাৰত । কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । দুটা দিন বাকী থকা মূহুৰ্তত পূৰ্ণগতিত প্ৰস্তুতি চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম(Preparation for Srimanta Sankaradeva Sangha session) । ১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত ধেমাজি জিলাৰ সানজাৰি নৌগৌৰ, চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন(92nd session of Srimanta Sankaradeva Sangha) ।
অভ্যৰ্থনা সমিতিয়ে জনোৱা অনুসৰি প্ৰায় দহৰ পৰা পোন্ধৰ লাখ ভকত-বৈষ্ণৱৰ আগমন ঘটিব অধিৱেশনত(Srimanta Sankaradeva Sangha) । দহ হাজাৰ ভকতে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয় সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰী যেনে বাঁহ, বেতেৰে নিৰ্মাণ কৰা হৈছে । টকৌ পাতেৰে নিৰ্মাণ কৰা হৈছে মূল মঞ্চ, লগতে টকৌ পাত, বাঁহ, বেত, ছেৱা গছৰে মূল মণ্ডপ সাজি উলিওৱা হৈছে । মাজত দুদিন বাকী থকা সময়ছোৱাত পানী যোগান উপ-সমিতিয়ে তিনিশটা দমকল, দুটা গভীৰ নলীনাদ, আৰু জলজীৱন আঁচনিৰ জৰিয়তে ব্যৱস্থা কৰিছে(Srimanta Sankaradeva Sangha session) ।
অনাময় উপ-সমিতিয়ে দুই হাজাৰ শৌচাগাৰ নিৰ্মাণৰ কাম প্ৰায়েই সম্পূৰ্ণ কৰি তুলিছে । দুহেজাৰ বিশেষ প্ৰতিনিধি শিবিৰ, ভকত-বৈষ্ণৱৰ বাবে তিনিশ ফুট দীঘল আৰু ওঠৰ ফুট বহল ৮২ টা শিবিৰ, আঠৰ পৰা দহ হাজাৰ সেৱাবাহিনী থাকিব পৰা চাৰিশ ফুট দীঘল আৰু দুশ ফুট বহল শিবিৰ, পাঁচশ পৃষ্ঠাৰ কলেবৰৰ আঠ হাজাৰ কপি প্ৰকাশ পাব লগা স্মৃতিগ্ৰন্থ "সুধাসিন্ধু"ৰ কামো পূৰ্ণ গতিত চলি আছে ।