ধেমাজি, 2 এপ্ৰিল :পদূলিমুখতহেঁপাহৰ ৰঙালী ৷ প্ৰাক ৰঙালীৰ ৰঙেৰে মুখৰিত হৈছে এতিয়া ৰাজ্য (Bihu preparation in Assam) ৷ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰীৰ লগতে সমগ্ৰ ৰাজ্যবাসী এতিয়া ব্যস্ত হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৷
সেমেকা শীতৰ স্পৰ্শ পাই লঠঙা হোৱা বিৰিখত, বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ চটিয়াই বসন্তবুলীয়া সাজেৰে শোভিত হৈছে প্ৰকৃতি । প্ৰকৃতিয়েও দিছে অসমীয়াৰ আয়ুসৰেখা হেঁপাহৰ ব’হাগৰ আগজাননী । তাৰ মাজতে আকৌ ৰঙালীৰ বাবে ব্যস্ততা বাঢ়িছে কিছু থলুৱা শিল্পীৰো ৷ ঢোলত চেও দিবলৈ গাত তৰণি নাই ঢুলীয়াৰো ৷ বিহু বুলিলে অপৰিহাৰ্য অংগ হৈ পৰে ঢোল ৷
ঢোলৰ চাপৰ অবিহনে অসমীয়াৰ মন-প্ৰাণ জুৰ নপৰে ৷ সেয়ে ৰঙালী বিহুক লৈ ৰাজ্যবাসী ব্যস্ত হৈ পৰাৰ সময়তে ৰৈ থকা নাই ঢোল নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহো ৷ ধেমাজিৰ এখন পুৰণি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰিকৰসকল বৰ্তমান খুবেই ব্যস্ত লোকবাদ্য ঢোল তৈয়াৰ কৰাত (Dhool traders are busy day and night for Rangali Bihu) ৷