অসম

assam

ETV Bharat / state

ৰাজ্যৰ লগতে ধেমাজিবাসী সাজু ভোগালীক আদৰিবলৈ - ভোগালী জলপান

শেহতীয়া পৰিস্থিতিক আওকাণ কৰি ভোগালী বিহু পালনৰ বাবে ৰাজ্যৰ লগতে সাজু হৈছে ধেমাজিবাসী ৷ ম’হৰ এঠা দৈ অবিহনে ভোগালী জলপানৰ সোৱাদ অনুভৱ কৰিব নোৱাৰি ৷ সেয়ে প্ৰতিজনে ম’হৰ গাখীৰ বিচাৰি ঢাপলি মেলিছে বিভিন্ন ম’হৰ খুটিসমুহলৈ ৷

ধেমাজি
ভোগালী

By

Published : Jan 14, 2020, 8:24 AM IST

ধেমাজি,১৪ জানুৱাৰীঃৰাজ্যবাসী মতলীয়া হৈছে ভোগৰ উৎসৱ ভোগালী বিহু পালনত ৷ চৌদিশে মাঁথো ভোগালীৰ উচাহ ৷ শেহতীয়া পৰিস্থিতিক আওকাণ কৰি ভোগালী বিহু পালনৰ বাবে ৰাজ্যৰ লগতে সাজু হৈছে ধেমাজিবাসী ৷ ম’হৰ এঠা দৈ অবিহনে ভোগালী জলপানৰ সোৱাদ অনুভৱ কৰিব নোৱাৰি ৷ সেয়ে প্ৰতিজনে ম’হৰ গাখীৰ বিচাৰি ঢাপলি মেলিছে বিভিন্ন ম’হৰ খুটিসমুহলৈ ৷

চাহিদাৰ বিপৰীতে উৎপাদন কম

বিশেষকৈ ধেমাজিৰ লেচিয়া নৈৰ পাৰৰ ম’হখুটি, বৰদলনি, ভেবেলী আদিৰ খুটিবোৰত সাজু কৰা হৈছে উৎকৃষ্টমানৰ গাখীৰ ৷ সৰু-বৰ বিভিন্ন পাত্ৰবোৰত এমাহৰ আগৰে পৰা চাহিদা অনুসৰি বিক্ৰেতাই সাজু কৰি তুলিছে গাখীৰৰ পাত্ৰসমূহ ৷ ইয়াৰ মাজতো অভাৱনীয় বিক্ৰীৰ বাবে চাহিদা অনুপাতে গাখীৰ যোগান ধৰিবলৈ ব্যৰ্থ হৈছে ম’হ পালক সকল ৷ সেয়ে প্ৰায়সংখ্যক গ্ৰাহকে বিমুখ হৈ উভতিবলগীয়া হৈছে ৷

লগতে চাওকঃপদূলি মুখ পালেহি ভোগৰ উৎসৱ ভোগালী

ABOUT THE AUTHOR

...view details