অসম

assam

ETV Bharat / state

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা - ধেমাজি

দ্বিতীয়বাৰৰ বাবে লক্ষীমপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত ধেমাজিত ধেমাজি জিলা বিজেপিৰ দ্বাৰা আয়োজিত বিশাল বিজয় উৎসৱ ৷

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা

By

Published : Jun 11, 2019, 5:34 AM IST

Updated : Jun 11, 2019, 9:05 AM IST

ধেমাজি, ১০ জুন : দ্বিতীয়বাৰৰ বাবে লক্ষীমপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে সোমবাৰে ধেমাজি ষ্টেডিয়ামত সাংসদ গৰাকীক উষ্ম আদৰণি জনোৱাৰ উদ্দেশ্যে ধেমাজি জিলা বিজেপিৰ দ্বাৰা আয়োজিত বিশাল বিজয় উৎসৱত অংশগ্ৰহণ কৰে প্ৰদান বৰুৱাই ৷ এই অনুষ্ঠানত সকলোৱে মিলি আগবাঢ়ি যোৱা কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে । লগতে আহি থকা দিনবোৰত পূঁজি কেতিয়াও অভাৱ নহ’ব বুলিও কয় । কেৱল পূঁজিখিনি জনসাধাৰণে ব্যৱহাৰ কৰি তেওঁলোকে যাতে সফল হয় তাৰ বাবে কাম কৰিব লাগিব । যিটো আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি মন্তব্য কৰে লক্ষীমপুৰৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱাৰ ।

আহি থকা দিনত কেতিয়াও পূঁজিৰ অভাৱ নহ’ব : প্ৰদান বৰুৱা

লগতে ৰাইজক ধন্যবাদ জনাই সাংসদ গৰাকীয়ে কয়, নিৰ্বাচনৰ আগত কথা দিয়া মতে ধেমাজিৰ তেলিজানৰ পৰা মাছখোৱা সংযোগী গড়কাপ্তানি পথটোও দুই এদিনৰ ভিতৰতে দ্বি লেন যুক্ত কৰাৰ কাম আৰম্ভ কৰা হ’ব । সেইদৰে জিলাখনৰ বান গৰাখহনীয়া সমস্যাৰো সমাধানৰ বাবে চিন্তা চৰ্চা কৰা হৈছে বুলি ৰাইজৰ আগত সদৰি কৰে ।

Last Updated : Jun 11, 2019, 9:05 AM IST

ABOUT THE AUTHOR

...view details