অসম

assam

ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভৱন পৰিদৰ্শন প্ৰদান বৰুৱা আৰু ৰণোজ পেগুৰ

চলিত বৰ্ষতে মুকলি হোৱাৰ পথত বহু প্ৰতিক্ষিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় । মঙলবাৰে মহাবিদ্যালয়খনৰ ভৱন পৰিদৰ্শন কৰে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা লগতে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে ।

By

Published : Feb 18, 2020, 7:15 PM IST

Published : Feb 18, 2020, 7:15 PM IST

Pradan Baruah and Ranoj Pegu visited Dhemaji Engineering College building
ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভৱন পৰিদৰ্শন প্ৰদান বৰুৱা আৰু ৰণোজ পেগুৰ

ধেমাজি, 18 ফেব্ৰুৱাৰীঃ চলিত বৰ্ষতে মুকলি হোৱাৰ পথত বহু প্ৰতিক্ষিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় । 2011 চনৰ 20 ফেব্ৰুৱাৰীত ধেমাজি টেকজুৰিত প্ৰায় 268 বিঘা ভূমিত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই শিক্ষানুষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷

প্ৰদান বৰুৱাৰ ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভৱন পৰিদৰ্শন

ইতিমধ্যে মহাবিদ্যালয়খনৰ নিৰ্মানকাৰ্য প্ৰায়ে সম্পূৰ্ণ হৈ উঠিছে ৷ মঙলবাৰে মহাবিদ্যালয়খনৰ ভৱন পৰিদৰ্শন কৰে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা লগতে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে । ভৱন পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, তেখেত এই মহাবিদ্যালয়খনক লৈ আশাবাদী ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠানখনে যথেষ্ট অৱদান আগবঢ়াব ৷

বিধায়ক ৰণোজ পেগুৰ মন্তব্য

উল্লেখ্য যে, মহাবিদ্যালয়খনৰ সৈতে সংযোগী পথটোৰ নিৰ্মানকাৰ্য এচ অ’ পি ডিৰ আধীনত প্ৰায় 10 কোটি টকাৰ পুঁজিৰে আৰম্ভ কৰা হ’ব ৷ লগতে মহাবিদ্যালয়খনত এমাহৰ ভিতৰতে পাঁচ হাজাৰ গছ পুলি ৰোপন কৰাৰ কথা ব্যক্ত কৰে বিধায়ক ৰণোজ পেগুৱে ৷

লগতে পঢ়ক-নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা কৰাৰ দাবী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details