অসম

assam

ETV Bharat / state

জোনাইত ৪৬ হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ - জোনাই বিধান সভাৰ সমষ্টি

ভৈয়াম উন্নয়ন জনজাতি কল্যাণ বিভাগৰ দ্বাৰা অনুমোদিত আচঁনিৰ অধীনত জোনাইত ৪৬ হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ । বিতৰণ কৰে জোনাইৰ বিধায়ক ভুৱন পেগুৱে।

পাৱাৰ টিলাৰ বিতৰণ
পাৱাৰ টিলাৰ বিতৰণ

By

Published : Jun 8, 2020, 8:45 PM IST

Updated : Jun 8, 2020, 9:11 PM IST

জোনাই, ৮ জুনঃ জোনাই বিধানসভাৰ সমষ্টিৰ কৃষকসকলে কৃষি ক্ষেত্ৰত অত্যাধুনিক সা-সজুলিৰে এক সেউজ বিপ্লৱ গঢ়াৰ উদ্দেশ্যৰে ভৈয়াম উন্নয়ন জনজাতি কল্যাণ বিভাগৰ দ্বাৰা অনুমোদিত আজি ধেমাজি জিলাৰ জোনাইৰ জোনকাৰেঙত ৪৬ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জোনাইৰ বিধায়ক ভুৱন পেগুৱে ৷ উল্লেখ্য যে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আচঁনিৰ অধীনত আশী শতাংশ ৰেহাই মূল্যত প্ৰথম পৰ্যায়ত ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুঠ ৪৬ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে পাৱাৰ টিলাৰ বিতৰণ কৰে ৷

৪৬ হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ

বিতৰণ সমাৰোহত বিধায়ক ভুৱন পেগুৱে কৃষকসকলক অত্যাধুনিক সা-সঁজুলিৰে কৃষি উৎপাদন বৃদ্ধিৰ প্ৰতিযোগিতাৰে জোনাই মহকুমাৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ আহ্বান জনায় ৷ লগতে কয় যে জোনাই সমষ্টিৰ দুট ব্লকত মুঠ ১০৫ টা পাৱাৰ টিলাৰ অনুমোদন হৈছে ৷

জোনাইত ৪৬ হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ

আজিৰ অনুষ্ঠানত টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাঙ,সহকাৰী সাধাৰণ সম্পাদক লিলা টায়ে,গণশক্তিৰ জোনাই ব্লক সমিতিৰ সাধাৰণ সম্পাদক অচুৎ দলে,জোনাই জিলা সমিতিৰ সভাপতি অতুল পেগুৰায়াং বিজয়পুৰ গাওঁ পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইত,ৰাজাখানা পঞ্চায়তৰ সভাপতি বীৰেন পেগু,এম এম কেৰ জোনাই জিলা সমিতিৰ সভাপতি মুক্তি নাথ পেগু,সম্পাদক দিন পেগু, জোনাই জিলা সমিতিৰ টি এম পি কেৰ সভানেত্ৰী মলয়া বড়ি, সম্পাদিকা কুমাৰী পেগু,বিধান মিলি লগতে গণশক্তি,টি এম পিকে,এম এম কে আৰু টি এম এম কেৰ সকলো নেতৃবৃন্দ উপস্থিত থাকে ৷

Last Updated : Jun 8, 2020, 9:11 PM IST

ABOUT THE AUTHOR

...view details