ধেমাজী, 12 ফেব্ৰুৱাৰী : শনিবাৰে পুৱা 4 বজাতে ওলাই গোগামুখৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ অঞ্চলটোৰ বিদ্যুৎ সংযোগ পৰ্যবেক্ষণ কৰে শক্তি মন্ত্ৰী বিমল বৰাই (Minister Bimal Bora inspected the power connection system at Gogamukh) ৷ যাতে কোনো ব্যক্তিয়েই বিজুলী সংযোগৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলাৰ ঢকুৱাখনাৰ লগতে গোগামুখৰ অতি দুৰ্গম অৰুণাচলৰ সীমান্ত অঞ্চল মিংমাং ঘাছি পথাৰত নিৰ্মাণ হৈ থকা বিভিন্ন স্থানসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।
দেশৰ প্ৰত্যেক গৰাকী নাগৰিকৰ ঘৰেই যাতে বৈদ্যুতিক সংযোগেৰে সংযোজিত হ'ব পাৰে সেই লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যয়বহুল যোজনা "দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা" (Deen Dayal Upadhyaya Gram Jyoti Yojana) ৰূপায়ণ কৰিছিল ৷ এই যোজনাৰ অধীনত অসমত বিগত 5 বছৰ ধৰি বিদ্যুৎ সংযোগ নোহোৱা ঘৰ তথা গাঁও সমূহত বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে কাৰ্যসূচী হাতত লৈ অহা হৈছে ।