অসম

assam

ETV Bharat / state

বিশ্বখনিকৰৰ প্ৰতিমাত শেষ পৰশ বোলোৱাত ব্যস্ত মৃৎশিল্পী - মৃন্ময় শিল্পী

বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত ব্যস্ততা বাঢ়িছে খনিকৰ সকলৰ ৷ ৰং তুলিকা বোলাই পূজাৰ বাবে সাজু কৰিছে বিশ্বখনিকৰৰ প্ৰতিমা সমূহ ৷ অৱশ্যে পূৰ্বৰ তুলনাত হ্ৰাস পাইছে প্ৰতিমা নিৰ্মাণ কিম্বা পূজাৰ উচাহ ৷

potters busy for final touch on Biswakarma statue
potters busy for final touch on Biswakarma statue

By

Published : Sep 16, 2020, 1:02 AM IST

ধেমাজি , ১৫ ছেপ্টেম্বৰ : সমাগত বিশ্বকৰ্মা পূজা ৷ বিশ্ব খনিকৰৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । কৰ'ণা আতংক আৰু প্ৰতিকূল বতৰকো নেওচি ৰাজ্যৰ আন আন স্থানৰ লগতে, ধেমাজিতো প্ৰতিমাসমূহ আটক ধুনীয়াকৈ সজাই তুলিছে নটৰাজ শিল্পলয় প্ৰতিষ্ঠান টোৰ মৃন্ময় শিল্পী আৰু সহযোগীসকলে ।

বিশ্বখনিকৰৰ মূৰ্তিত তুলিকাৰ শেষ বোল

কৰ’ণা ত্ৰাসৰ বাবে এইবাৰ পূৰ্বৰ তুলনাত মূৰ্তিৰ সংখ্যা কম বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ গৰাকীয়ে । তৎসত্বেও ১৮০ টা প্ৰতিমা সাজু কৰি তুলিছে প্ৰতিষ্ঠানটোৱে । উল্লেখ্য যে, ক’ভিড-19 ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টূপীয়াকৈ হে ৰাজ্যত আয়োজিত হ’ব বিশ্বখনিকৰ বিশ্বকৰ্মাৰ পূজা ৷

বিশ্বখনিকৰৰ মূৰ্তিত শেষ পৰশ বোলোৱাত ব্যস্ত মৃৎশিল্পী

ক’ভিড-19 আৰু লক্ ডাউনে এই প্ৰতিমা শিল্পী সকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ৷ কিয়নো পূজাৰ বতৰত প্ৰতিমা নিৰ্মাণৰ জৰিয়তেই বছৰটোলৈ নিজৰ পেটৰ ভাত মোকলোৱা খনিকৰ সকলে এইবাৰ সীমিত সংখ্যক প্ৰতিমাহে বিক্ৰী কৰিবলৈ সক্ষম হ’ব ৷ গতিকে এক প্ৰকাৰ সমস্যাত পৰিছে এইসকল মৃৎশিল্পী অথবা খনিকৰ ৷

লগতে পঢ়ক :যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details