জোনাই, ২৪ মাৰ্চ : অৱশেষত সামৰণি পৰিল মিচিং জনগোষ্ঠীৰ দ্বিতীয় বৃহৎ জাতীয় উৎসৱ হিচাবে বিবেচিত ‘‘পঃৰাগ উৎসৱ’’ (Concluded Porag festival 2023 at Jonai)৷ শুকুৰবাৰে সামৰণি পৰে জোনাই মহকুমাৰ গালিয়াৰী গাঁৱত তিনদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই উৎসৱটি ৷ এই উৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাবে পুৱা প্ৰায় ৬ বজাত সামূহিক চাফাই অভিযানৰ পাচতে অভ্যাগতসকলে পুৱা আহাৰ গ্ৰহণ কৰে ।
ইয়াৰ পাচতে পঃৰ আপং, গাহৰি মাংস, ভিন্ন শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্য সম্ভাৰেৰে সমূহীয়াভাৱে ভোজ-ভাত খোৱা হয় । দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা জোনাই মহমৰা কপলঙৰ মিনম দলে পৰিৱেশন কৰে গুমৰাগ নৃত্য আৰু অন্যান্য চঃনাম । বিয়লি প্ৰায় ২ বজাত মিবু প্ৰদীপ দলেক মিচিংসকলৰ ৰীতি-নীতিত বিদায় জনোৱা হয় ।
ইয়াৰ পাচতে জোনাই মহমৰা কপলঙৰ মিনম দলক ঢোলে-দগৰে গালি কছাৰী দলুং কৃষ্টি দলে বিদায় জনোৱা হয় ।শুকুৰবাৰে এই অনুষ্ঠানত উপস্থিত থাকে বৰা সুৰেশ দলে, বৰাণী বিনীশ্বা কুম্বাং, ডেকা বৰা ডিম্বে পেগু, বৰুৱা সন্তোষ পেগু, বৰুৱাণী ৰিংকি কুম্বাং, ৰেমী গুণীতা কুম্বাং, য়ামপী আপ্পুন দলে, ৰেমপী শেৱালি সোণোৱাল, পকয়প মণিকা পেগু, ভূঞা বৰফুল দলে, উদযাপন সমিতিৰ বিষয়ববীয়াসকল ।