জোনাই, ২ নৱেম্বৰ:ৰাজ্য় চৰকাৰ তথা শিক্ষা বিভাগে বিভাগটোত ব্যাপক উন্নয়ন হোৱা বুলি সততে দাবী কৰি আহিলেও ধেমাজি জিলাত এতিয়াও বহুতো শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ (poor condition of school in Dhemaji)। ৰাজ্যখনৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে ২০১৭ চনৰ পৰা আৰম্ভ কৰিছিল গুণোৎসৱ । এই গুণোৎসৱৰ পিছতো একাংশ বিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঁথনি টনকিয়াল নোহোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
মেচাকি চাপৰিৰ ২৮খন গাঁৱত নাই এখনো হাইস্কুল মূৰ্কংচেলেক শিক্ষা খণ্ডৰ বহুতো বিদ্য়ালয় উপযুক্ত শিক্ষক নোহোৱাকৈয়ে চলি আছে । উক্ত শিক্ষা খণ্ডৰ অন্তৰ্গত লাইমেকুৰী গাওঁ পঞ্চায়তৰ মেচাকি চাপৰিৰ বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ৰ আঠটা শ্ৰেণীত ২০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে তিনি গৰাকী শিক্ষক ।
উল্লেখ্য় যে ১৯৯৭ চনত প্ৰতিষ্ঠিত হোৱা আৰু ২০০৬ চনত প্ৰাদেশিকীকৰণ হোৱা বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ত চলিত শিক্ষাবৰ্ষত 'ক' শ্ৰেণীত ১৫ গৰাকী, প্ৰথম শ্ৰেণীত ২৮ গৰাকী, দ্বিতীয় শ্ৰেণীত ২০ গৰাকী, তৃতীয় শ্ৰেণীত ২৩ গৰাকী, চতুৰ্থ শ্ৰেণীত ২৭ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে । একেদৰে পঞ্চম শ্ৰেণীত ২৫ গৰাকী, ষষ্ঠ শ্ৰেণীত ৩৩ গৰাকী,সপ্তম শ্ৰেণীত ২১ গৰাকী আৰু অষ্টম শ্ৰেণীত ১৫ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে ।
উল্লেখযোগ্য যে শিক্ষা অধিকাৰ আইন উলংঘা কৰি আঠটা শ্ৰেণীৰ ২০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কেৱল মাত্ৰ তিনি গৰাকী শিক্ষকে বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ত শিক্ষাদান কৰি আছে । আনহাতে,২৮খন গাঁও সন্নিবিষ্ট মেচাকি চাপৰিত বৰ্তমানেও প্ৰতিষ্ঠা হোৱা নাই এখনো হাইস্কুল । ফলত ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ লালী নদী পাৰাপাৰ হৈ ৰামধন দিখাৰী, লাইমেকুৰী,তেলাম, চিমেন চাপৰি আদি ঠাইত ছাত্ৰাবাসত থাকি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ।
লগতে পঢ়ক:Pharmaceutical Traders Association Foundation Day: সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত ঔষধ ব্যৱসায়ী সংস্থাৰ