জোনাই, 19 জুন:মোদী চৰকাৰৰ চব কা সাথ, চবকা বিকাশ শ্ল’গান আজিও মাথোঁ শ্ল’গানহে হৈ ৰ’ল ধেমাজি জিলাৰ জোনাইৰ গ্ৰামাঞ্চলত ৷ একবিংশ শতিকাতো জোনাইৰ গ্ৰামাঞ্চলৰ ৰাইজক চৰকাৰৰ উন্নয়নৰ পোহৰে ঢুকি নোপোৱাত ৰাইজে আজিও যাপন কৰিছে মধ্যযুগীয় জীৱন ৷
জোনাইৰ গ্ৰামাঞ্চলৰ বাট-পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ পথ নে পথাৰ ধৰিবই নোৱাৰা পথেৰেই দৈনিক যাতায়ত কৰিবলগীয়া হয় ৰাইজে ৷ বোকা-পানীৰে ভৰি থকা পথাৰ সদৃশ এইয়া আচলতে এটা ব্যস্ততা পূৰ্ণ পথৰ দৃশ্যহে ৷
জোনোইৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত লাইমেকুৰী আৰু গালী পঞ্চায়তৰ অন্তৰ্গত বৰং চৰাইবাৰী PMGY পথৰ পৰা বৰং কৃষ্ণপুৰ হৈ বৰং তেলিজান, বুঢ়ীয়া চাপৰি পাৰ ঘাটৰ লগতে বৰং পিপলগুৰি গাঁও হৈ কৰ্ণপুৰ গাঁও আদিলৈ যোৱা পথৰ দুৰৱস্থাই যমৰ যাতনা ভুগাইছে ৰাইজক ৷ এজাক সাধাৰণ বৰষুণতেই বিধ্বস্ত হৈ পৰা এই পথেৰেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী, ৰোগী আদিৰ লগতে বিভিন্ন ব্যৱসায়-বাণিজ্যৰ লগত জড়িত ব্যক্তিয়ে এনেদৰেই দৈনিক বোকা-পানী গছকি যোগাযোগ, যাতায়ত অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে ৷