জোনাই, ১৭ মে':বিজেপি নেতৃত্বাধীন চৰকাৰখনে পালন কৰিলে দ্বিতীয় বৰ্ষপূৰ্তি ৷ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা চৰকাৰখনে আজি পৰ্যন্ত সমাধান নকৰিলে ধেমাজি জিলাৰ জোনাইৰ বহু গ্ৰাম্য অঞ্চলৰ জ্বলন্ত সমস্যা (Poor road condition in Dhemaji) । জিলাখনৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত শৰনীয়া মাজগাঁৱত আজিও ৰাইজে দুৰ্বিষহ জীৱন ৷ লুহিজান মাজগাঁৱৰ পৰা শৰনীয়া মাজগাঁও হৈ বলাইপাম সংযোগী পথত বছৰ বছৰ ধৰি নপৰিল চৰকাৰৰ অভিলাষী আঁচনিৰ পোহৰ (Dilapidated road in Jonai)। যাৰ ফলত সামান্য এজাক বৰষুণতে একাঁঠু বোকা-পানী গছকি শৰনীয়া গাঁৱৰ ৰাইজে বহিঃজগতৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ বাধ্য় হৈছে ।
এই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে যাত্ৰা অব্যাহত ৰাখিছে বিধ্বস্ত পথেৰে ৷ ইফালে, বিধ্বস্ত পথটোত মটৰচাইকেল, গাড়ীৰ কথাটো বাদেই চাইকেলখনো ঠেলি নিব নোৱাৰাত বহু সময়ত গাঁওখনৰ ৰাইজে ৰোগীক ভাৰ বান্ধি নিবলগীয়া হয় মূল পথলৈ ৷ ইফালে,ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অমৃতপুৰ চৰণীয়া পথাৰৰ পৰা অমৃতপুৰ সংযোগী বিধ্বস্ত পথটোৰ দুৰৱস্থাও একেই । বছৰ বছৰ ধৰি বৃহৎ অঞ্চলটোৰ ৰাইজে এক কদৰ্যময় পৰিৱেশত বহিঃজগতৰ সৈতে অব্যাহত ৰাখিছে যাতায়ত ।