ধেমাজি, 8 আগষ্টঃ ধেমাজিত বিপদসংকুলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ । জন প্ৰতিনিধিয়ে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
ধেমাজিত বাঁহৰ মেলেঙতেই বিপদসংকুল যাতায়াত - যাতায়াত
ধেমাজিত বিপদসংকুলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত । জন প্ৰতিনিধিয়ে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অতি শীঘ্ৰে উক্ত স্থানত যাতায়াতৰ বাবে বিহিত ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ ৷
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়া , এডভান্টেজ অসমৰ কথা কৈ সকলোতে দিশতে উন্নয়ন,পৰিৱৰ্তন আৰু বিকাশ হৈছে বুলি ঢাক-ঢোল বজাই আহিছে যদিও প্ৰকৃতাৰ্থত আজিকোপতি বিকাশ অথবা পৰিৱৰ্তনৰ মুখ দেখা নাই বৃহত্তৰ ধেমাজিৰ নিলখপুৰবাসীয়ে । চিলাপথাৰলৈ যোৱা অতি চমু পথ নিলখ তৰাণিপথাৰ আৰু বেতনিপাম বালিজান সংযোগী পথত যাতায়তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা প্ৰশাসনে । আজিও অঞ্চলবাসীয়ে গাই নদীৰ বুকুত বাঁহেৰে নিৰ্মিত ‘মেলেং’ ৰ জৰিয়তে অতি বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে । দৈনিক কলেজৰ ছাত্র - ছাত্ৰী , বিভিন্ন ব্যৱসায়ী , কৰ্মচাৰী এই পথেৰে অহা যোৱা কৰে । তাৰোপৰি বিপজ্জনকভাৱে মানুহৰ লগতে নিতৌ বাইক, চাইকেলৰ বোজা কঢ়িয়াই মেলেঙেই । ইয়াৰ বাবদ আৰোহী আৰু যাত্ৰীসকলে আদায় দিব লাগে 10 টকাৰ পৰা 30 টকা পৰ্যন্ত । কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিবলৈ সময় ওলোৱা সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ দৃষ্টিগোচৰ নোহোৱা বুলিও অভিযোগ ৰাইজৰ ৷ সুদীৰ্ঘ কাল অঞ্চলটোৰ যাতায়তৰ বাবে দলং এখনৰ ব্যৱস্থা কৰিব নোৱাৰা চৰকাৰখনৰ পৰিৱৰ্তনৰ শ্ল'গান অসাৰ বুলি মন্তব্য কৰে স্থানীয় ভুক্তভোগী ৰাইজে ।