অসম

assam

ETV Bharat / state

Dilapidated Bamboo bridge: ধেমাজিত দলঙৰ বাবে ৰাইজৰ হাহাকাৰ - Dilapidated Bamboo bridge in Dhemaji

তিনিবছৰ পূৰ্বে জীয়াঢলৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰা পথৰ আজিও হোৱা নাই মেৰামতি (Dhemaji damaged Road )। ভজুগাঁও- জালভাৰী আৰু হেচুঁলি সংযোগী গড়কাপ্তানি পথে প্ৰতিফলিত কৰিছে চৰকাৰৰ উন্নয়ণৰ ছবি ।

Dilapidated Bamboo bridge in Dhemaji
জীয়াঢলৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰা পথ

By

Published : May 13, 2023, 2:19 PM IST

জীয়াঢলৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰা পথ

ধেমাজি , ১৩ মে':ধেমাজি জিলাৰ জীয়াঢলৰ ভজুগাঁও জালভাৰী-হেচুলি সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে (Dilapidated road in Dhemaji) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ঢুকি পোৱা নাই এই পথটো ৷

ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰিলে (Dilapidated Bamboo bridge in Dhemaji) ৷ এই দুটা বছৰত চৰকাৰখনে পৰিকল্পনা মতেই ৰাজ্যৰ চুকে কোনে সৰ্বাংগীণ বিকাশ আৰু উন্নয়ন কৰা বুলি দাবী কৰি আহিছে ৷ সেয়ে এই চৰকাৰখনক পাৰিলে ১০০ নম্বৰৰ ভিতৰত ১১০ নম্বৰ দিব পাৰে বা পাবলৈ দাবীদাৰ বুলি মন্তব্য কৰা সময়ত ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ ভজুগাঁও-জালভাৰী আৰু হেচুঁলি সংযোগী গড়কাপ্তানি পথে উন্নয়ণৰ এখন বিপৰীত ছবি দাঙি ধৰিছে (Poor communication Dhemaji Development Block)।

উল্লেখ্য় যে তিনিবছৰ পূৰ্বে জীয়াঢলৰ বাঢ়নী পানীয়ে পকী কালভাৰ্টসহ এই পথটোৰ এটা অংশ খহাই নিছিল । পকী কালভাৰ্ট বিছিন্ন পথটো আজিও যাতায়তৰ বাবে সূচল নহ'ল ৷ আজিকোপতি পকী কালভাৰ্ট অথবা দলং নিৰ্মাণ নহ'ল ৷ ফলত হেচুলি ,জালভাৰী,জীয়াঢল জীয়াঢল দিহিৰি ,দিহিৰি কছাৰী, বৰমথাউৰি ,পাঁচআলি হৈ অসম অৰুণাচলৰ সৈতে সংযুক্ত পথটো যাতায়তৰ সূচল নোহোৱাত বৃহত্তৰ অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ বিশেষকৈ বাৰিষা শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা-যোৱা কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

প্ৰতিবছৰে স্থানীয় ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰে যদিও এবছৰ নৌহওঁতেই ভাঙি যায় ৷ ফলস্বৰূপে পানীৰ মাজেৰে যাতায়ত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷ এই বিষয়ে স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰি আহিছে যদিও চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিয়ে দিয়া নাই সুদৃষ্টি ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বাৰিষাৰ সময়ত কোনো সংশ্লিষ্ট বিভাগে সাৰ পাই যদিও আজি পৰ্যন্ত ব্য়ৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে । ব্য়ৱস্থা গ্ৰহণ নকৰিলেও বাঁহৰ দলং এখনেৰে বিগত তিনি বছৰে খীৰতি গাইৰ দৰে এই ভগ্ন অংশৰ পৰা লুটি আহিছে ৷ সেয়েহে স্থানীয় ৰাইজে শীঘ্ৰেই এখন পকী দলং অথবা কালভাৰ্ট নিৰ্মাণ কৰি যাতায়ত সূচল কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:Voters Party International: অসম বিধানসভাৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ ভোটাৰশ্বিপ'ৰ প্ৰস্তাৱ প্ৰেৰণৰ আহ্বান

ABOUT THE AUTHOR

...view details