ধেমাজি , 20 জুলাইঃ আন বহু শ্ৰমিকৰ পৰিয়ালৰ দৰেই লকডাউনৰ সময়ছোৱাত অভাবনীয় সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকৰ পৰিয়ালসমূহ ৷ উপাৰ্জনৰ পথ হেৰুৱাই অৰ্ধহাৰে আৰু অনাহাৰে দিন কটাবলৈও বাধ্য হৈছে বহু শিক্ষকৰ পৰিয়ালে ৷ অনুৰূপভাৱে বেতনৰ পৰা বঞ্চিত হৈ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ধেমাজি গুৱাল গাৱঁৰ নিবাসী অঞ্জু দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকী ৷
লক্ ডাউনত অনাহাৰে দিন কটাইছে বেতন বঞ্চিত শিক্ষয়িত্ৰীৰ পৰিয়ালে - poor economic condition of vencer school teacher in assam
আৰ্থিক সংকটৰ বাবেই উচ্চশিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ’ল শিক্ষয়িত্ৰী গৰাকীৰ সন্তান ৷ প্ৰাপ্য বেতন মোকলাই দি নিজ পৰিয়ালক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ ধেমাজিৰ অঞ্জু দেৱীৰ ৷
বিৱৰণী মতে, ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ বৰদলনি গৰিয়াজান কলিতা চুক প্ৰাথমিক বিদ্যালয়ত 1989 চনতে সহকাৰী শিক্ষয়িত্ৰী হিচাবে যোগদান কৰি বেতন লাভ কৰি আহিছিল অঞ্জু দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷ কিন্তু পৰিতাপৰ বিষয় যে , 2007 চনত হঠাতে বেতন বন্ধ হৈ পৰাত মূৰত সৰগ ভাগি পৰে শিক্ষয়িত্ৰী গৰাকীৰ ৷ লক্ ডাউনৰ সময়ছোৱাত অৰ্ধাহাৰে, অনাহাৰে সময় কটাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে পৰিয়ালটোৰ ক্ষেত্ৰত ৷ উল্লেখ্য যে, কেৱল আৰ্থিক সংকটৰ বাবেই শিক্ষয়িত্ৰী গৰাকীয়ে উচ্চ শিক্ষাৰ সুবিধা দিব নোৱাৰিলে নিজ সন্তানক ৷ ন্যাৰ্যতা বিচাৰি ন্যায়ালয়ৰ কাষ চাপিও কোনো সুফল নোপোৱা পৰিয়ালটোৱে আজি নীৰৱে চকুলে টুকিবলৈ বাধ্য হৈছে ৷ প্ৰাপ্য বেতন মোকলাই দিবলৈ শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি শিক্ষয়িত্ৰী গৰাকীয়ে আৱেদন জনাইছিল যদিও কোনো সুফল নাপালে অঞ্জু দেৱীয়ে ৷