জোনাই, ১ নৱেম্বৰ :ধেমাজি জিলাৰ বানবিধ্বস্ত জোনাই মহকুমাত জলসম্পদ বিভাগৰ কার্যালয়খনত বিৰাজ কৰিছে মৰিশালি সদৃশ পৰিৱেশে । বানবিধ্বস্ত জোনাই মহকুমাৰ জলসম্পদ বিভাগৰ উপ-সংমণ্ডল কার্যালয়ত প্ৰায়েই উপস্থিত নাথাকে বিভাগটোৰ কোনাে অভিযন্তা-কর্মচাৰী । এই জলসম্পদ উপ-সংমণ্ডল কাৰ্যালয়ত এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে কেইবাগৰাকী কনিষ্ঠ অভিযন্তা আৰু আছে কেইবাগৰাকী কৰ্মচাৰী ৷
কিন্তু আশ্চর্যজনকভাৱে জোনাই উপ-সংমণ্ডল কার্যালয়লৈ কোনাে দিনেই নাহে অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকল ৷ অভিযোগ মতে, অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলে ধেমাজি জিলা সংমণ্ডল জলসম্পদ কার্যালয়ৰ এটা কোঠা দখল কৰি তাৰ পৰাই চলাই আছে এশ কিলোমিটাৰ দূৰৰ জোনাই উপ-সংমণ্ডলৰ কার্যালয়টো ৷ পিছে বিষয়াসকল অনুপস্থিতিৰ বাবে কাৰ্যালয়টোত উপস্থিত নাথাকে বাকী কৰ্মচাৰীসকলো ৷ ফলত এই কাৰ্যালয়টোৰ ৰখীয়াৰ দায়িত্বত থাকে দুজমান চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷