অসম

assam

জোনাইৰ ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই উদঙালে বিকশিত অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰতিচ্ছৱি

By

Published : Jan 3, 2020, 2:53 AM IST

ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰত ৷ ফলত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাতে বহি আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা ৷  উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ গা লৰাব পাৰিবনে নাই সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷

স্বাস্থ্যবিভাগৰ চৰম হেমাহি
ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰ

জোনাই,2 জানুৱাৰীঃ অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ প্ৰকৃত ছৱি ওলাই পৰিছে জোনাইত ৷ ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই তাকেই যেন প্ৰমাণ কৰিলে ৷ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে স্বাস্থ্যকেন্দ্ৰটোত ৷ ফলত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাতে বহি আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ অভাৱত বৃহস্পতিবাৰে স্বাস্থ্যকেন্দ্ৰটোৰ চিলিং খহি কথমপি প্ৰাণৰক্ষা পৰে কৰ্মৰত দুগৰাকী চিকিৎসা কৰ্মীৰ ।

চৰকাৰ আৰু স্বাস্থ্যবিভাগৰ চৰম হেমাহিৰ ফলত স্বাস্থ্যকেন্দ্ৰটোৰ চিলিঙৰ লগতে জহি-খহি গৈছে দুৱাৰ,খিৰিকী,বেৰ,মজিয়া আদি । সম্প্ৰতি ই একপ্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে ৷ ইফালে এই পৰিৱেশৰ বাবে কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাৰ পৰাই সমাপন কৰিছে কৰ্তব্য ৷

গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে স্বাস্থ্যকেন্দ্ৰটোত

জানিব পৰা মতে,জোনাই মহকুমাৰ স্বাস্থ্যবিষয়াই ঊৰ্ধতম কৰ্তৃপক্ষক বিষয়তো সন্দৰ্ভে কেইবাবাৰো আবেদন কৰাৰ পিছত,আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে ৷ ফলত উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ’বলগা হৈছে অঞ্চলটোৰ বৃহৎসংখ্যক ৰোগী ৷ উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ গা লৰাব পাৰিবনে নাই সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷

লগতে চাওকঃক'লা পতাকাৰ ত্ৰাসত শিৱসাগৰ আৱৰ্ত ভৱনত আৱদ্ধ তপন গগৈ

ABOUT THE AUTHOR

...view details