ধেমাজি, 8 আগষ্ট :শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ জিলাত ৰাজ্যৰ শিক্ষাখণ্ডৰ পঁয়ালগা স্বৰূপ ৷1980চনতে স্থাপন হোৱা ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কামচি মধ্য ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে বিকশিত অসমৰ শিক্ষাখণ্ডৰ দুখলগা ছবিখন ৷ চৰকাৰৰ শিক্ষাবিভাগৰ সংস্কাৰমূলক আঁচনি আৰু গুণোৎসৱে কাহানিও স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই এইখন বিদ্যালয়ক ৷
পানী-বালিয়ে আধালৈকে পুতি থৈ যোৱা বিদ্যালয়খনৰ বাৰাণ্ডাৰ সন্মুখেদি এজাক বৰষুণ দিলেই পানী আৱদ্ধ হৈ ৰয় । আনকি বৰষুণ বেছি হ’লেই শ্ৰেণীকোঠাত পৰ্যন্ত পানী সোমায় বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ যিয়ে ব্যাহত কৰে পাঠদান ৷ তৎস্বত্বেও বালি মাটিৰ মজিয়াতেই দুচকুত অযুত স্বপ্ন লৈ এজাক কণ কণ শিক্ষাৰ্থীয়ে আহৰণ কৰিছে প্ৰাথমিক শিক্ষা ৷
52 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত বৰ্তমানেও শিক্ষক আৰু চকীদাৰৰ অভাৱ ৷ প্ৰধান শিক্ষকগৰাকীয়েও ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিছে কৰিছে ৷ আনফালে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে বদলি হৈছে অন্য বিদ্যালয়লৈ ৷ এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়ৰ সমস্ত কাম-কাজ ৷ আনকি শিক্ষকেই পালন কৰিবলগীয়া হয় চকীদাৰৰ কৰ্তব্য পৰ্যন্ত ৷