ধেমাজি,27 মাৰ্চ: আজি ৰাজ্যৰ 47 টা সমষ্টিত সম্পন্ন হ’ল প্ৰথম প্ৰৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ১১৩ নং ধেমাজি আৰু ১১৪ নং জোনাই বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অতিবাহিত হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ৰাজ্যত এইবাৰ ক’ভিড প্ৰট’কল মানি ভোটদান সাব্যস্ত কৰে ভোটাৰে ৷
১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাথী ডা৹ ৰণোজ পেগু, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱাল, এজেপিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী, এছ ইউ চি আই কমিউনিষ্ট দলৰ হেমকান্ত মিৰি আৰু আয়ুৱ খাঙ ব্ৰহ্ম নামৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ লক্ষণীয় যে, ১১৩ নং ধেমাজি বিধানসভা সমষ্টিত 75 টা অতিৰিক্ত কেন্দ্ৰসহ মুঠ ৩৫৬ টা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা বাবে পূৰ্বৰ তুলনাত এইবেলি বহু ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী কিছু কমকৈ দেখা গৈছে ৷
আজি পুৱা ৭ বজাত ধেমাজি সমষ্টিৰ ১৬৫ নং ধেমাজি টাউন হাইস্কুলৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত পৰিবাৰৰ সৈতে ভোটদান সাব্যস্ত কৰি এইবাৰ দিছপুৰত মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰে ৷ সেইদৰে বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে গোগামুখ চাউলধোৱা বালিগাঁও ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷