জোনাই, ২২ জুলাইঃ গৰু ব্যৱসায়ীৰ পৰা ধন দাবী কৰি বিপদত পৰিছে জোনাই আৰক্ষী ৷ ধন নিদিয়াৰ কাৰণে ছিণ্ডিকেটৰ নামত গোহালিৰ পৰা গো-পালকৰ 217 গৰু জব্দ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে ৷ এই ক্ষেত্ৰত পোহৰলৈ আহিছে আৰক্ষীৰ উপ পৰিদৰ্শক পদমেশ্বৰ বৰকটকীৰ নাম ৷
শোণিতপুৰত আৰক্ষীয়ে আটক কৰা গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰাৰ পিছত ধেমাজি সদৰ থানাত কৰ্মৰত আৰক্ষী বিষয়া পদমেশ্বৰ বৰকটকীয়ে এগৰাকী সংবাদকৰ্মীক মাতি শিৰোনাম দখল কৰা বাতৰি প্ৰকাশ কৰিবলৈ দি সেই বাতৰিক অস্ত্ৰ হিচাপে লৈ চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানত নামি পৰিছে ৷ এগৰাকী পৰিদৰ্শকৰ নেতৃত্বত চলা এই অভিযানত মানুহৰ ঘৰে ঘৰে তালাচী চলাই 217 টা গৰু জব্দ কৰে ৷ আনহাতে চিলাপথাৰ কুলাজান আৰু পিতয়াং গাঁৱৰ পৰা মিছিং সম্প্ৰদায়ৰ গোহালিৰ পৰা 56 টা গৰু জব্দ কৰে ৷ কিন্তু এই গৰু সমূহ বেপাৰীয়ে ক্ৰয় কৰি ৰখা গৰু বুলিহে প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷
গৰু ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে গৰু চুণ্ডিকেটৰ নামত চিলাপথাৰ আৰক্ষীয়ে ভিতৰুৱা গ্ৰামাঞ্চলৰ গো-পালক সকলৰ ঘৰে ঘৰে গৈ গোহালিত বান্ধি থোৱা পশুধন সমূহ পৰীক্ষা কৰি সন্দেহবশত কিছুমান গৰুৰ গাত মাৰ্কা লগাই গোপালক সকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে,ঘটনাটোৰ লগত আৰক্ষী বিষয়াৰ অসৎ উদ্দেশ্য থকাৰ কথা প্ৰকাশ কৰিছে স্বয়ং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷
অভিযোগ অনুসৰি সাংবাদিক এজনক লগত লৈ উপপৰিদৰ্শক পদমেশ্বৰ বৰকটকীয়ে গৰু ব্যৱসায়ীৰ পৰা 2 লাখ টকা দাবী কৰে আৰু এই ধন নিদিয়াৰ কাৰণে গোহালিয়ে গোহালিয়ে গৈ গৰু জব্দ কৰে ৷
ইপিনে আৰক্ষীয়ে গৰু চিণ্ডিকেট উৎখাতৰ নামত গো পালকৰ ওপৰত ছিণ্ডিকেট চলোৱাক কেন্দ্ৰ কৰি বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক স্থানীয় গো পালকসকলে অৱগত কৰে ৷
ভুক্তভোগী গৰু ব্যৱসায়ীসকলে চিলাপথাৰস্থিত বাসভৱনত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ স্থানীয় বিধায়ক ভূৱন পেগুক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰাৰ লগতে গৰুৰ বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰাত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগে লগে সাংসদ আৰু বিধায়ক গৰাকীয়ে জিলা আৰক্ষী অধীক্ষকক যোগাযোগ কৰি জব্দ কৰা গৰু কেইটা বেপাৰীক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰখনৰ শীৰ্ষ আৰক্ষী মহলক কঠোৰ সকীয়নি প্ৰদান কৰি বিষয়টোক অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰে ৷
বিষয়টোৰ সন্দৰ্ভত বুধবাৰে দিছপুৰৰ পৰা জিলা উপায়ুক্তই এক বিশেষ বাৰ্তা লাভ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে জব্দ কৰা গৰুৰ সন্দৰ্ভত আৰক্ষী তৎপৰ হয় ৷ উল্লেখ্য যে স্থানীয় ব্যৱসায়ী সকলৰ লগত নিজৰ পোহনীয়া গৰু-মহ বিনিময়েই গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকাশক্তি আৰু এই প্ৰথা দশক দশক ধৰি চলি আছে ৷ একাংশ অবিবেচক আৰক্ষীয়ে এই প্ৰথা নিঃশেষ কৰি খোদ আৰক্ষীয়ে চিণ্ডিকেট চলাবলৈ বিচাৰিছে আৰু এই কাৰ্য মই কেতিয়াও সফল হ’বলৈ নিদিও বুলি বিধায়ক ভূৱন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহালিৰ গৰু চুৰি গৰু সজাই জব্দ কৰা আৰক্ষীয়ে শাস্তি নোপোৱা পৰ্যন্ত ক্ষান্ত নাথাকো বুলি স্পষ্ট কৰে ৷ লগতে এই কাণ্ডত জৰিত মধ্যভোগী দুস্কৃতিকাৰী সকলকো কঠোৰ সকিয়নী প্ৰদান কৰে ৷
খবৰ অনুসৰি অৱশেষত জিলা উপায়ুক্তৰ হস্তক্ষেপত আত্মসন্মানত জব্দ কৰা গৰুৰ সামান্য নথি পত্ৰ পৰীক্ষা কৰিয়ে গৰু মুকলি কৰি দিবলৈ প্ৰস্তুতি চলাইছে ৷
লগতে পঢ়কঃবাঢ়নি পানীত 3 কিল'মিটাৰ উটি গ'ল যাদৱ পায়েং