জোনাই ২১ এপ্ৰিলঃ দেশজুৰি তলাবন্ধ চলি থকাৰ সময়তেই মঙলবাৰে ধেমাজি জিলাৰ জোনাই মহকুমা সদৰৰ নিকটৱৰ্তী হাতী গাঁৱত জোনাইৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু,মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে আৰু জোনাই আবকাৰী বিভাগৰ যুটীয়া উদ্যোগত আৰু জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ কৰে । জোনাইৰ গ্ৰামাঞ্চলত তলাবন্ধ চলি থকাৰ মাজতেই দৈনিক আবেলিৰ ভাগত চুলাই মদৰ আড্ডাত মচগুল হয় বহু লোক ৷
জোনাইত চুলাই ঘাটিত আৰক্ষীৰ অভিযান - যুটীয়া দলটোৱে
মঙলবাৰে জোনাই আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া দলটোৱে হাতীগাঁৱত অভিযান চলাই প্ৰায় পোন্ধৰ ঘৰৰ পৰা ১০০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰাৰ লগতে মদৰ ঘাটিবোৰ উচ্ছেদ কৰে ।
জোনাইত চুলাই ঘাটিত আৰক্ষীৰ অভিযান
মঙলবাৰে জোনাই আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া দলটোৱে হাতীগাঁৱত অভিযান চলাই প্ৰায় পোন্ধৰ ঘৰৰ পৰা ১০০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰাৰ লগতে মদৰ ঘাটিবোৰ উচ্ছেদ কৰে । আৰক্ষী আৰু আবকাৰী বিভাগে চলোৱা এই অভিযানৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে ৷
লগতে পঢ়ক : লক ডাউনঃ ৰাজপথত শতাধিক ৰাইজৰ সমদল