অসম

assam

ETV Bharat / state

উদ্ধাৰ হ'ল 20 জুনত নিৰুদ্দেশ হোৱা জোনাইৰ তিনি ছাত্ৰ - পুৰণা দিল্লী ৰেলৱে আৰক্ষী

মিচিং ছাত্ৰ সন্থা আৰু পুৰণা দিল্লী ৰে'লৱে আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হ'ল তিনি নিৰুদ্দিষ্ট কিশোৰ ৷ ৰেলেৰে ৰঙিয়াৰ পৰা দিল্লী হৈ জন্মু কাশ্মীৰলৈ গৈ আছিল কিশোৰ তিনিগৰাকী ৷

etv bharat

By

Published : Jun 27, 2019, 3:55 AM IST

জোনাই, 27 জুন: অৱশেষত উদ্ধাৰ হ'ল 20 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা জোনাইৰ তিনিও গৰাকী কিশোৰ ৷ সোমবাৰে নিশা পুৰণা দিল্লীৰ ৰে'লৱে পুলিচে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ তিনিগৰাকীক | ৰেলেৰে ৰঙিয়াৰ পৰা দিল্লী হৈ জন্মু কাশ্মীৰলৈ গৈ আছিল কিশোৰ তিনিগৰাকী ৷ মিচিং ছাত্ৰ সন্থাৰ গোট আৰু পুৰণা দিল্লী ৰেলৱে আৰক্ষীৰ যুটীয়া অভিযানত কিশোৰ তিনিজনক উদ্ধাৰ কৰাৰ পাচতে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰোপৰিও, কিশোৰ তিনিগৰাকীৰ নিৰুদ্দেশ হোৱাৰ লগত জড়িত আন এজন লোককো সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷

উদ্ধাৰ হোৱা কিশোৰ কেইগৰাকী- হিমান্ত পেগু (অষ্টম শ্ৰেণী), গাম কুটুম (সপ্তম শ্ৰেণী), আৰু মিগম দলে (ষষ্ঠ শ্ৰেণী) তেলাম এচ এফ এচ বিদ্যালয়ৰ ছাত্ৰ ৷ উল্লেখ্য যে, 20 জুন তাৰিখে নিৰুদ্দেশ হোৱাৰ পাচৰ দিনাই চানমিয়া নামৰ এজন লোকৰ মোবাইলৰ পৰা গাম কুটুম নামৰ ছাত্ৰজনে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি ৰঙিয়া হৈ ৰেলেৰে জন্মু-কাশ্মীৰ লৈ গৈ থকা বুলি জানিবলৈ দিয়ে ৷ আৰু ইয়াৰ পাচতেই পৰিয়ালৰ লোকে চিমেন আৰক্ষীক অৱগত কৰে ৷

ABOUT THE AUTHOR

...view details