অসম

assam

ETV Bharat / state

নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল - ধেমাজি মৰিধল মহাবিদ্যালয়

অৱশেষত, ধেমাজি আৰক্ষীয়ে ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৷ বহু সাক্ষীয়ে এই চাৰ্জশ্বীটত হত্যাকাৰীৰ বিৰুদ্ধে দাঙি ধৰিছে সাক্ষ্য ৷

police-files-charge-sheet-on-nandita-saikia-murder
নন্দিতা শইকীয়া হত্যাকাণ্ড : আৰক্ষীৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল !

By

Published : Sep 27, 2021, 7:02 PM IST

Updated : Sep 27, 2021, 10:20 PM IST

ধেমাজি, 27 ছেপ্টেম্বৰ : অৱশেষত ৰাজ্য তথা দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল ৷ এই হত্যাকাণ্ড সন্দৰ্ভত ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে ৷ সোমবাৰে ধেমাজি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ৩৬ দিনৰ পিছত এই চাৰ্জশ্বিট দাখিল কৰে ধেমাজিৰ আদালতত ৷ এই চাৰ্জশ্বিটত আছে হত্যাকাৰী ধেমাজি মৰিধল মহাবিদ্যালয়ৰ যুৱ কৰ্মচাৰী ৰিণ্টু শৰ্মা বিৰুদ্ধে ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য ৷

নন্দিতা শইকীয়া হত্যাকাণ্ড : আৰক্ষীৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল !

উল্লেখযোগ্য যে, যোৱা ২১ আগষ্টত দিন দুপৰতে ধেমাজি সদৰৰ মজিয়াত হত্যাকাৰী ৰিণ্টু শইকীয়াই ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক উপৰ্যুপৰি এখন চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে ৷ প্ৰায় মুমূৰ্ষু অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জৰুৰীকালীনভাৱে অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক ৷

যদিও মৃত্যুৰ সৈতে যুঁজ দি 4 দিনৰ পিছত অৱশেষত ২৫ আগষ্টত মৃত্যুৰ শীতল কোলাত ঢলি পৰে প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া ৷ এই একেটা ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নন্দিতা শইকীয়াৰ সহপাঠী কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্ত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি সংকটমুক্ত হয় ৷

এই পাশৱিক ঘটনাই ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমতে জোকাৰণি তোলাৰ বিপৰীতে বিভিন্ন দল-সংগঠনে হত্যাকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত আন্দোলনত জপিয়াই পৰিছিল ৷ ইপিনে ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি ৰাজ্যৰ কেবিনেটে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ সম্প্ৰতি, হত্যাকাৰীয়ে উচিত শাস্তি লাভ কৰা আশা কৰিছে বুলি মন্তব্য কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

Last Updated : Sep 27, 2021, 10:20 PM IST

ABOUT THE AUTHOR

...view details