জোনাই,১৯ ফেব্ৰুৱাৰী: দেওবাৰে জোনাই বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় কবি গনেশ গগৈ স্মৃতি বহুভাষিক কবি সমাৰোহ আৰু এক মননশীল আলোচনা চক্ৰ(Poet Ganesh Gogoi Memorial Multilingual Poetry Conference) । অসমৰ অন্যতম অগ্ৰণী কাব্য অনুষ্ঠান অসম কবি সমাজৰ কেন্দ্ৰীয় সমিতিৰ এক কাৰ্যনিৰ্বাহ সভা আৰু জোনাই কবি সমাজ তথা জোনাই বালিকা মহাবিদ্যালয় আৰু অসম কলেজ শিক্ষক সংস্থা (Assam College Teachers Association)ৰ ধেমাজি-ঢকুৱাখনা মণ্ডলৰ আতিথ্যত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটি(Poets Ceremony in Jonai) ।
অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ সভাপতি ড৹ অতুল হাজৰিকাই বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগুৱে । ইয়াৰ পিছত "সাম্প্ৰতিক অসমীয়া কবিতাত সামাজিক চেতনাবোধ" শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । জোনাই কবি সমাজৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ সভাপতি জয় কুমাৰ দলেৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকনে উদ্বোধন কৰে ।
জোনাইত কবি সমাৰোহ আৰু মননশীল আলোচনা চক্ৰ অনুষ্ঠিত মুৰকংচেলেক কলেজৰ(Murkongselek College) অধ্যক্ষ ড৹ দীপক কুমাৰ দলেৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত ড৹ প্ৰান্তিকা শৰ্মাই গৱেষণা পত্ৰ পাঠ কৰে । ড৹ পূৰৱী দুৱৰাই সমল ব্যক্তি, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আলোচনা চক্ৰত কেইবাখনো মহাবিদ্যালয়ৰ দহ গৰাকী অধ্যাপক, গৱেষকে অংশগ্ৰহণ কৰে । বিয়লি ৩ বজাৰ পৰা বিশিষ্ট কবি তথা শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালাৰ সঞ্চালনাত বিশিষ্ট কবি তথা অসম কবি সমাজৰ উপদেষ্টা ৰাজেন্দ্ৰনাথ বৰদলৈৰ উদ্বোধনেৰে বহুভাষিক কবি সমাৰোহখনি অনুষ্ঠিত কৰা হয় ।
ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় তিনি কুৰি কবিয়ে স্বৰচিত কবিতা পাঠ কৰা অনুষ্ঠানটিত বিশিষ্ট লেখক ৰত্নেশ্বৰ বসুমতাৰী, চামচুল বাৰিক, ঊষা বুঢ়াগোহাঁইকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত হিন্দী ভাষাৰ লগতে চিন্তামনি চামলাগাঙীয়ে নেপালী, ঝৰ্না দাসে বাংলা, বিজয় বৰিয়ে মিচিং কবিতা পাঠ কৰে । পাঠ কৰা কবিতাসমূহৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় মুৰকংচেলেক কলেজৰ অধ্যাপিকা ড৹ প্ৰান্তিকা শৰ্মাই । সভাখনিত উপস্থিত থাকে অসম কবি সমাজৰ প্ৰধান সম্পাদক বৰ্ণালী বৰা বৈশ্য, আলোচনা চক্ৰৰ আহ্বায়ক ড৹ মুনীন্দ্ৰ বুঢ়াগোহাঁই, শিক্ষক প্ৰদীপ গগৈ, জোনাই বালিকা মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী ।
লগতে পঢ়ক:Rhino free roaming: মাজুলীত গঁড়ৰ আতংক, ৰাইজক ঘৰতে সোমাই থকাৰ আহ্বান বন বিভাগৰ