ধেমাজি,২৭ ফ্ৰেব্ৰুৱাৰী:দেশৰ দৰিদ্ৰ জনতাই এখন ভাল ঘৰ সাজি উলিয়াবলৈ কেন্দ্ৰ চৰকাৰে আগবঢ়াইছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহ । সেই অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নিৰ্মাণৰ কাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চলি আছে আৰু এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নহয়, তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি তথা ঠিকাদাৰে চলাই গৈছে অবাধ দুৰ্নীতি(Corruption allegations in making of PM Awas Yojana) । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাস নিৰ্মাণত আউল লগাই দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহৰ নামত এচামে দুৰ্নীতি সংঘটিত কৰি আহিছে ।
যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰৈছে । যেন প্ৰহসনত পৰিণত হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ ’সকলোৱে বাবে গৃহ’ শীৰ্ষক এই শ্লোগান ৷ কাৰণ পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে বিচৰা ধৰণে উৎকোচ নাপালে চৰকাৰী গৃহ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত(Accused of taking bribe in exchange for PMAY house) ৷ সেয়ে এতিয়া ৰ’দ বৰষুণ ধুমুহাৰ সৈতে যুঁজি দৰিদ্ৰ পৰিয়ালে কটাইছে দুৰ্বিসহ জীৱন ।
এইবাৰ এনে অভিযোগ উত্থাপন হৈছে ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ চিচিমুখ গাঁও পঞ্চায়তখনৰ বিৰুদ্ধে(PMAY scam in Dhemaji) । পঞ্চায়তখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা বঞ্চিত হৈ বাস কৰিবলগীয়া হৈছে ট্ৰিপালৰ চালিৰ তলত । পঞ্চায়খনৰ চিচিকলঘৰৰ চাৰিটা সন্তানৰ মাতৃ মঞ্জু দাস আৰু কলিয়া দাস নামৰ হিতাধিকাৰীগৰাকীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দি আহিছে ।