অসম

assam

২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ প্ৰধানমন্ত্ৰীৰ আগমন

২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কুলাজান চিতলমাৰীত হ’বলগীয়া বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰিব বহু প্ৰতীক্ষিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ ইতিমধ্যে মহাবিদ্যালয়খনত 160 গৰাকী শিক্ষাৰ্থীয়ে অনলাইনযোগে শিক্ষাগ্ৰহণ কৰি আছে ৷

By

Published : Feb 21, 2021, 12:17 PM IST

Published : Feb 21, 2021, 12:17 PM IST

as_dmj_pm-modi-to-inaugurate-dhemaji-engineering-college-via-video-conference-on-22-february_vis_as10021
২২ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজি অভিয়ান্ত্ৰিক মহাবিদ্যালয়

ধেমাজি,21 ফেব্ৰুৱাৰী: ২২ ফ্ৰেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব বহু প্ৰতীক্ষিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ বহু প্ৰতিক্ষাৰ অন্তত ধেমাজিবাসীৰ এটা সপোন পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে ৷ প্ৰায় ২৬৮ বিঘা ভূমিত ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে প্ৰশাসনীয় ভৱন, শৈক্ষিক ভৱন, অধ্যক্ষৰ বাসগৃহ, ছাত্ৰাবাস-ছাত্ৰী নিবাস আৰু কাৰখানা গৃহৰ লগতে অতিথিশালা ৷

ধেমাজিৰ কুলাজান চিতলমাৰীত হ’বলগীয়া বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমেৰ মোডীয়ে উদ্বোধন কৰিব বহু প্ৰতীক্ষিত মহাবিদ্যালয়খন ৷ ইতিমধ্যে বিগত বৰ্ষৰ শেষভাগৰ পৰাই চাৰিটা বিভাগ ক্ৰমে চিভিল, মেকানিকেল, ইলেকট্ৰিকেল আৰু কম্পিউটাৰ চায়েঞ্চ এণ্ড টেক্‌নলজীৰ ১৮০ খন আসন থকা মহাবিদ্যালয়খনত এইবেলি ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে পাঠ গ্ৰহণ কৰি আহিছিল ৷ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰাৰ পিছতেই মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰিব বুলি অধ্যক্ষ ড° দিলীপ বৰাই জানিবলৈ দিয়ে ৷

২২ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজি অভিয়ান্ত্ৰিক মহাবিদ্যালয়

তদুপৰি অনান্য অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তুলনাত একমাত্ৰ ধেমাজি অভাযান্ত্ৰিক মহাবিদ্যালয়তেই কম্পিউটাৰ চায়েঞ্চত সৰ্বাধিক ৬০ খন আসনৰ ব্যৱস্থা থকাৰ কথা সদৰী কৰে অধ্যক্ষগৰাকীয়ে ৷ ইতিমধ্যে মহাবিদ্যালয়খনত শিক্ষক আৰু কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংশ্লিষ্ট বিভাগে ৷ বিশেষকৈ আনুষ্ঠানিক মুকলি দিনটোৰ বাবে মহাবিদ্যালয়খনৰ গৃহ আৰু চৌহদ পৰিস্কাৰ কৰিছে কৰ্তৃপক্ষই ৷

মুকলি হ’ব ধেমাজি অভিয়ান্ত্ৰিক মহাবিদ্যালয়

উল্লেখ্য যে, ধেমাজিবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই 2011 বৰ্ষৰ 20 ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যৰ তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ধেমাজিৰ টেকজুৰিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷ বহু প্ৰতীক্ষাৰ অন্ত পেলাই এতিয়া সোনালী ক্ষণ গণাৰ মুহুৰ্তত ধেমাজিবাসী ৷ ইপিনে উত্তৰ পাৰৰ প্ৰথমখন কাৰিকৰী প্ৰতিষ্ঠানে স্থানীয় ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীক লাভান্বিত কৰিব আশা প্ৰকাশ কৰিছে ছাত্ৰ সমাজে ৷

লগতে পঢ়ক-পুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

ABOUT THE AUTHOR

...view details