ধেমাজি, ২০ আগষ্ট :সমগ্ৰ অসমতে গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰে (African swine fever) সন্ত্ৰাসৰ সৃষ্টি কৰি আছে । বহু স্থানত গাহৰিৰ মৃত্যু হোৱাৰ লগতে বহু গাহৰি সংক্ৰমিত হৈছে এই ৰোগত । যাৰ বাবে শংকিত হৈ আছে ৰাজ্যৰ গাহৰি পালকসকল । কিন্তু এনে পৰিস্থিতিৰ মাজত যাতে বহিঃ ৰাজ্যৰ পৰা সংক্ৰমিত গাহৰি অসমলৈ আহিব নোৱাৰে তাৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
কেইবাখনো জিলাক এই ক্ষেত্ৰত ৰেড জ'ন (Red Zone) হিচাপেও ঘোষণা কৰা হৈছে । শেহতীয়াকৈ ধেমাজি জিলাৰ উপায়ুক্তই এক নিৰ্দেশনা জাৰী কৰা মতে জিলাখনলৈ বহিঃৰাজ্য বা আন ঠাইৰ গাহৰিৰ আমদানি নিষিদ্ধ কৰা হৈছিল । কিন্তু এই নিৰ্দেশনাৰ পাছতো প্ৰতিদিনে জিলাখনলৈ সৰবৰাহ হৈছে বহিঃৰাজ্যৰ লগতে আন ঠাইৰ গাহৰি । আনকি গাহৰি পালক সন্থাইও বহু সময়ত বহিঃৰাজ্যৰ গাহৰি ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।