ধেমাজি,31 অক্টোবৰ : শুকুৰবাৰে পুৱতি নিশা ধেমাজিৰ গাই নৈৰ দলঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এডাল অজগৰ সাপ ৷
প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজিৰ ভৰালী চুক গাঁৱৰ চাৰি যুৱক সুভাষ বড়া, অজয় গগৈ, নিতুল কোচ আৰু আপু ভূঞাই চিলাপথাৰৰ পৰা ধেমাজি নগৰৰ অভিমুখে গৈ থকা অৱস্থাত অজগৰডাল পৰি থকা প্ৰত্যক্ষ কৰে ।