জোনাই, 26 জুন: চিলাপথাৰত কন্টেইমেন্ট জ'নত আৱদ্ধ হৈ থকা লোকৰ প্ৰতিবাদ ৷ চৰকাৰে কন্টেইমেন্ট জ'নত আৱদ্ধ হৈ থকা লোক সকলক কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ বাবে শুকুৰবাৰে আবেলি প্ৰশাসনৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লোক সকলে ৷ বিগত 6 দিনে কণ্টেইনমেণ্ট জ'নত আবদ্ধ হোৱা ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰাটো দূৰৰে কথা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ জিলা প্ৰাশাসনৰ বিৰুদ্ধে ৷
চিলাপথাৰত কণ্টেইনমেন্ট জনত আৱদ্ধ হৈ থকা ৰাইজৰ প্ৰতিবাদ - People protest at Silapothar containtment zone
বিগত 6 দিনে কণ্টেইনমেণ্ট জ'নত আবদ্ধ হোৱা ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰাটো দূৰৰে কথা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ জিলা প্ৰাশাসনৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গাজীয়াবাদৰ পৰা পলাই অহা এটা দম্পত্তি ক্ৰমে সত্যবিৰ পাণ্ডে( ২৬), পত্নী সৰিটা পাণ্ডে( ২৫) আৰু দুটি কেঁচুৱা সহ চিলাপথাৰ পালপটিত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ হোৱা পাছতে চিলাপথাৰ নগৰৰ 3 টা স্থান কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ যোৱা 18 জুনৰ পৰা পালপটিৰ প্ৰভু ছাহৰ ঘৰত ভাড়াতীয়া হিচাপে আত্ম গোপন কৰি থকা অৱস্থাত দম্পত্তিক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ কিন্তু বিগত 6 দিনে প্ৰশাসনে উক্ত কণ্টেইনমেণ্ট জনত থকা লোক সকলক যোগান ধৰা নাই কোনো খাদ্য সামগ্ৰী ৷
লগতে পঢ়কঃ কেপ্তেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বীৰ শ্বহীদ দিৱস পালন
TAGGED:
প্ৰশাসনৰ বিৰূদ্ধে প্ৰতিবাদ