অসম

assam

ETV Bharat / state

ঋতুপৰ্ণৰ হত্যাকাণ্ডঃ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

জোনাইত ঋতুপৰ্ণ পেগুৰ হত্যাৰ ন্যায়ৰ দাবীত ২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিাবাদী ৰাইজে ৷

People Protest Against Rituparna Murdered Incident At Jonai
ঋতুপৰ্ণৰ হত্যাকাণ্ডঃ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ

By

Published : Jun 14, 2020, 10:32 PM IST

জোনাই, 14জুনঃ জোনাইত ঋতুপৰ্ণ পেগুৰ হত্যাৰ ন্যায়ৰ দাবীত ২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ ৷ অতিশীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী তুলিছে প্ৰতিবাদকাৰী সকলে ৷

ঋতুপৰ্ণৰ হত্যাকাণ্ডঃ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ

গুৱাহাটীৰ নুনমাটিত যোৱা শুকুৰবাৰে অতি নৃশংসভাৱে হত্যা কৰা ঋতুপৰ্ণ পেগুৰ ন্যায় আৰু হত্যাকৰীক ফাঁচীৰ দাবীত দেওবাৰে জোনাইৰ ডেকাপাম ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰায় দুইঘন্টা ধৰি পথ অৱৰোধ কাৰ্যসূচী পালন কৰে অঞ্চলটোৰ ৰাইজে ৷ ঋতুপৰ্ণৰ হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচী দিয়ক, খিলঞ্জীয়া হত্যা বন্ধ কৰক, আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰীৰ পথ অৱৰোধৰ ফলত বহু সময় ধৰি যানবাহন চলাচল বন্ধ হৈ পৰে ৷ ইফালে ঋতুপৰ্ণৰ পেগুৰ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰন কৰে এক স্মাৰক পত্ৰ ৷

লগতে পঢ়ক-"ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব"- ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details