ধেমাজি, 3 মে':এফালে দেশব্যাপী কৰ'ণাৰ আতংক, আনপিনে সমাগত বাৰিষা । বাৰিষাক লৈ শংকিত হৈ পৰিছে ধেমাজিৰ ভিন্ন বানাক্ৰান্ত অঞ্চলৰ লোক । বিশেষকৈ যোৱা বৰ্ষত জীয়াঢলৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ খনা, ভোমা, চুতীয়াকাৰী, গোঁহাইবাৰী, দেওডুবি আদিকে ধৰি প্ৰায় ডেৰকুৰি গাঁৱৰ ৰাইজে আতংকৰ মাজেৰে কটাইছে দিন ।
সমাগত বাৰিষাক লৈ শংকিত ধেমাজিবাসী - বৰদলনি উন্নয়ন খণ্ড
সমাগত বাৰিষাক লৈ শংকিত হৈ পৰিছে জীয়াঢলৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ খনা, ভোমা, চুতীয়াকাৰী, গোঁহাইবাৰী, দেওডুবি আদিকে ধৰি প্ৰায় ডেৰকুৰি গাঁৱৰ ৰাইজ ।
![সমাগত বাৰিষাক লৈ শংকিত ধেমাজিবাসী people of dhemaji worried about upcoming flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7038473-887-7038473-1588488919228.jpg)
people of dhemaji worried about upcoming flood
সমাগত বাৰিষাক লৈ শংকিত ধেমাজিবাসী
উল্লেখ্য যে, জীয়াঢলৰ কুমটীয়া সোঁপাৰৰ মথাউৰিৰ সাপেখাতি অঞ্চল উন্মুক্ত হৈ থকাৰ ফলতে কেইবা বছৰ ধৰি বানত ক্ষতিগ্ৰস্ত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজ । কিয়নো এই অঞ্চলসমূহত বাৰিষা এজাক বৰষুণতে সৃষ্টি হয় বানপানী । সেয়ে এতিয়া মথাউৰি নিৰ্মাণ কৰি দিব নোৱাৰিলেও বাৰিষাৰ বাবে নাও যোগান ধৰিবলৈয়ে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে ।
লগতে পঢ়কঃবাৰিষাৰ আগতে সম্পূৰ্ণ হ'ব নে মথাউৰি মেৰামিতৰ কাম !