জোনাই, ৬ মে': মহামাৰীৰ ৰূপ লোৱা কৰ’ণা ভাইৰাচৰ ভয়াৱহতাৰ পিছতো জোনাই মহকুমাৰ বিভিন্ন স্থানত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷ কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনা অনুসৰি জোনাই মহকুমা প্ৰশাসনে সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিল ৷ মাস্ক পৰিধান নকৰা লোকক ১,০০০ টকা জৰিমনা বিহা হ’ব বুলিও নিৰ্দেশনা জাৰি কৰিছিল ৷
মাস্ক পৰিধান নকৰা লোকক জৰিমনা জোনাই মহকুমা প্ৰশাসনৰ - চক্ৰ বিষয়া নেকিব চৈয়দ বৰুৱা
কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান নকৰা লোকৰ প্ৰতি অধিক কঠোৰ হৈছে জোনাই মহকুমা প্ৰশাসন ৷ শুকুৰবাৰে জোনাই বজাৰ, নেপালী বস্তি, ৰাংকপ তিনিআলি, ৰেলৱে ষ্টেচন, ৰুকচিন আদিকে ধৰি বিভিন্ন স্থানত জোনাই মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহে ৷

মাস্ক পৰিধান নকৰা লোকক জৰিমনা জোনাই মহকুমা প্ৰশাসনৰ
মাস্ক পৰিধান নকৰা লোকক জৰিমনা জোনাই মহকুমা প্ৰশাসনৰ
শুকুৰবাৰে জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতি আৰু চক্ৰ বিষয়া নেকিব চৈয়দ বৰুৱাৰ উপস্থিতিত জোনাই প্ৰশাসনে জোনাই মহকুমাৰ বিভিন্ন স্থানত অভিযান চলাই মাস্ক পৰিধান নকৰা লোকৰ পৰা ৮,০০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷ জোনাই বজাৰ, নেপালী বস্তি, ৰাংকপ তিনিআলি, ৰেলৱে ষ্টেচন, ৰুকচিন আদিকে ধৰি বিভিন্ন স্থানত আজি জোনাই মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ লগতে মাস্ক পৰিধান কৰি চলাফুৰা কৰিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক :ন'টাৰ বাবে কাৰ কাৰ ভাগ্য উদয় হ'ল