ধেমাজি,8 নৱেম্বৰ:দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগতে এতিয়া সংঘটিত হৈছে দুৰ্নীতি ৷ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগতে একাংশ বিষয়া-কৰ্মচাৰীয়ে সংঘটিত কৰিছে এনেধৰণৰ দুৰ্নীতি ৷ ধেমাজিৰো ৰাজহুৱা সামগ্ৰী বিতৰণ ব্যৱস্থাত সংঘটিত হৈছে এনে দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজিৰ জীয়াঢল সমবায় সমিতিৰ অধীনষ্ঠ চহৰবাৰী কালিয়া গাঁৱত সংঘটিত হৈছে এই দুৰ্নীতি ৷ এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ হিতাধিকাৰীয়ে সমবায় এজেণ্ট শুভৰাম নৰহৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷
অনিয়মৰ অভিযোগ: সমবায় এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল - ৰাজহুৱা বিতৰণ ব্যৱস্থা
ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়ম সংঘটিতৰ অভিযোগ উত্থাপন ৷ ধেমাজিত প্ৰাপ্যৰ পৰা বঞ্চিত হিতাধিকাৰীৰ পৰিয়ালে সমবায় এজেণ্টৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ৷
সমবায় এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল
হিতাধিকাৰীসকলৰ অভিযোগ অনুসৰি, এজেণ্টগৰাকীয়ে নিজৰ খেয়ালখুচি মতে একাংশ লোকৰ মাজতহে বিতৰণ কৰে চৰকাৰী সুলভ মূল্যৰ সামগ্ৰী ৷ তদুপৰি প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে কৰ্তন কৰে প্ৰায় 1-2 কিল’গ্ৰামকৈ সামগ্ৰী ৷ এই সমগ্ৰ বিষয়ে হিতাধিকাৰীসকলে জানিব বিচাৰিলে ভাবুকি প্ৰদান কৰে নৰহে ৷ উপায়বিহীন একাংশ ভুক্তভোগী পৰিয়ালে এজেণ্টগৰাকীৰ বিৰুদ্ধে ধেমাজি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷
লগতে চাওকঃউদ্বোধনী অনুষ্ঠাৰ পৰা ৰাইজে ওভতাই পঠালে বিধায়ক প্ৰদীপ হাজৰিকাক